প্ৰীতি ফুটবল মেচত চেলিব্ৰিটিৰ বিৰুদ্ধে দুৰ্দান্ত জয় বিধায়কৰ!

উত্তেজনাপূৰ্ণ খেলখনত বিজেপি বিধায়ক ডা: নোমল মমিনৰ গলেৰে ২-১ ত জয়লাভ কৰে বিধায়কৰ দলটোৱে।

News18-Assam
Updated:August 12, 2019, 3:38 PM IST
প্ৰীতি ফুটবল মেচত চেলিব্ৰিটিৰ বিৰুদ্ধে দুৰ্দান্ত জয় বিধায়কৰ!
উত্তেজনাপূৰ্ণ খেলখনত বিজেপি বিধায়ক ডা: নোমল মমিনৰ গলেৰে ২-১ ত জয়লাভ কৰে বিধায়কৰ দলটোৱে।
News18-Assam
Updated: August 12, 2019, 3:38 PM IST
বিপুল বৰ্মন: জনতাৰ মাজত এইবাৰ ফুটবল খেলি বাহ বাহ লবলৈ সক্ষম হৈছে পাচগৰাকীকৈ শাসকীয় বিধায়কে। দুভৰিৰ যাদু, স্কীল ষ্টেমিনা আৰু নিখুট পাচেৰে
বিধায়ক সকলে হৃদয় জিনিছে সকলোৰে। গিলবাৰ্টচন ছাংমা আৰু দেৱাষীশ ৰায় মিডিয়া ফাইভ এ ছাইড ফুটবলৰ ফাইনেলৰ প্ৰাকমুহুৰ্তত পাচগৰাকী বিধায়ক ক্ৰমে ডা: নোমল মমিন, ৰূপক শৰ্মা, চৰন বড়ো , ভূৱন পেগু আৰু শিলাদিত্য দেৱে চেলিব্ৰিটি ফাইভৰ বিৰুদ্ধে অংশ লৈছিল।

চেলিব্ৰিটি দলত আছিল মানস ৰবীন, সীমান্ত শেখৰ, লক্ষ্য কোৱৰ, প্ৰনয় বৰদলৈ আৰু মহাদেৱ ডেকা। উত্তেজনাপূৰ্ণ খেলখনত মাজবাটৰ বিপিএফ বিধায়ক চৰন বড়ো আৰু বোকাজানৰ বিজেপি বিধায়ক ডা: নোমল মমিনৰ গলেৰে ২-১ ত জয়লাভ কৰে বিধায়কৰ দলটোৱে। এটা গল স্কৰ কৰি পিছলৈ গলকীপাৰ হৈ তাতো চমকপ্ৰদ খেল দেখুৱাইছিল বিধায়ক মমিনে।



প্ৰতিযোগিতাৰ মুল খেলখনত আছাম টকছে নিউজ১৮দলক ২-০ গ'লত পৰাস্ত কৰি চেম্পিয়ন গিলৱাৰ্টছন ছাংমা ট্ৰফী আৰু নগদ দহ হাজাৰ টকা লাভ কৰে। ৰানাৰ্চ আপ দল নিউজ ১৮ য়ে দেৱাশিষ ৰায় ট্ৰফীৰ লগতে নগদ ৭ হাজাৰ টকা লাভ কৰে। ফাইলেলৰ পূৰ্বে অনুষ্ঠিত দ্ধিতীয়খন প্ৰীতি খেলত গিলৱাৰ্টছন ফাইভ আৰু দেৱাশিষ ফাইভৰ খেল ২-২ গ'লত অমিমাংসিত হয়। দুয়োটা দলৰহৈ আই এছ এলৰ খেলুৱৈ দূর্গা বড়ো সহিতে মুঠ দহ গৰাকী আন্ত:ৰাষ্ট্ৰীয় খেলুৱৈয়ে অংশ লৈছিল। মিডিয়া ফুটছালত লোহিত চন্দ্ৰ ৰাভা সোৱৰনী শ্ৰেষ্ঠ খেলুৱৈৰ বটা লাভ কৰে নিউজ ১৮ৰ নিলয় ভট্টাচাৰ্যই, চিদা দাস সোৱৰনী শ্ৰেষ্ঠ গলকীপাৰ সম্মান লাভ কৰে ডিৱাই ৩৬৫ৰ কিশোৰ তালুকদাৰে, ভূৱন দত্ত সোৱৰনী ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈ বটা লাভ কৰে নিউজ১৮ৰ হিৰক মালাকৰে।



খেলৰ অন্তত বটা সমুহ বিতৰন কৰে মুখ্য অতিথি সাংসদ কুইন ওজা, দুই আন্ত:ৰাষ্ট্ৰীয় ফুটবলাৰ গিলৱাৰ্টছন ছাংমা, দেৱাশিষ ৰায়, ক্ৰীড়া সদস্য সচিৱ লক্ষ্য কোৱৰ, ষ্টাৰ চিমেন্টৰ উপ সভাপতি প্ৰদীপ পুৰোহিত, বিধায়কদ্বয় ডা:নোমল মমিন আৰু শিলাদিত্য দেৱ, বিশিষ্ট ক্ৰীড়া সংগঠক বিষ্ণুৰাম নুনিছা আৰু প্ৰবীন ফটো সাংবাদিক তৰনী কান্ত বৰ্মনে।
আৰু চাওক পৰৱৰ্তী বাতৰি