বিশ্বকাপৰ পূৰ্বে ছচিয়েল মিডিয়াত বিয়পিল জয়সূৰ্যৰ মৃত্যুৰ খবৰ

News18-Assam
Updated:May 27, 2019, 1:35 PM IST
বিশ্বকাপৰ পূৰ্বে ছচিয়েল মিডিয়াত বিয়পিল জয়সূৰ্যৰ মৃত্যুৰ খবৰ
টৰণ্ট’ত এক পথ দুৰ্ঘটনাত পতিত হৈ সনথ জয়সূৰ্যৰ মৃত্যু হোৱা বুলি ভুৱা খবৰ বিয়পি পৰে ছচিয়েল মিডিয়াত।

টৰণ্ট’ত এক পথ দুৰ্ঘটনাত পতিত হৈ সনথ জয়সূৰ্যৰ মৃত্যু হোৱা বুলি ভুৱা খবৰ বিয়পি পৰে ছচিয়েল মিডিয়াত।

  • Share this:
১৯৯৬ চনৰ বিশ্বকাপত শ্ৰীলংকাক চেম্পিয়ন বনোৱাৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰা বিস্ফোৰক বলাৰ সনথ জয়সূৰ্যৰ মৃত্যুৰ ভুৱা খবৰ বিয়পি পৰিছে ছচিয়েল মিডিয়াত। এই খবৰে ক্ৰিকেট জগতত সৃষ্টি কৰিছে তীব্ৰ  আলোড়নৰ। টৰণ্ট’ত এক পথ দুৰ্ঘটনাত পতিত হৈ সনথ জয়সূৰ্যৰ মৃত্যু হোৱা বুলি খবৰ বিয়পি পৰে ছচিয়েল মিডিয়াত। এই খবৰ বিয়পি পৰাৰ পিছতে টীম ইণ্ডিয়াৰ অফ স্পীনাৰ আৰ অশ্বিনো আচৰিত হৈ টুইটাৰ ঘটনাৰ বিষয়ে জানিব বিচাৰে।

অশ্চিনে টুইটাৰযোগে কয় – ‘সনথ জয়সূৰ্যৰ খবৰ সঁচা নেকি? মই WhatsAppত পাইছো, কিন্তু টুইটাৰত এই খবৰ দেখা নাই।’ ইয়াৰ পিছতে অনুৰাগীয়ে অশ্বিনক এই খবৰ সম্পূৰ্ণ মিছা বুলি জানিবলৈ দিয়ে।



ইফালে, সনথ জয়সূৰ্যই নিজেও এই খবৰ মিছা বুলি টুইটাৰত উল্লেখ কৰিছে। নিজকে সুস্থ বুলি টুইটাৰত উল্লেখ কৰে জয়সূৰ্যই। তেওঁ টুইটাৰযোগে কয় – ‘মোৰ বিষয়ে বিয়পি পৰা খবৰ মিছা, মই সম্পূৰ্ণ সুস্থ আছো। মই শ্ৰীলংকাত আছো আৰু মই কানাডালৈ যোৱা নাই। অনুগ্ৰহ কৰি ভুৱা বাতৰিটো শ্বেয়াৰ নকৰিব।’

 

উল্লেখযোগ্য যে ICC–এ অভিজ্ঞ খেলুৱৈ সনথ জয়সূৰ্যক ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা দুবছৰৰ বাবে নিষিদ্ধ কৰি ৰাখিছে। দুৰ্নীতি বিৰোধী কোড উলংঘন কৰাৰ বাবেই নিষিদ্ধ কৰা হৈছে জয়সূৰ্যক।
আৰু চাওক
পৰৱৰ্তী বাতৰি