ঋষভ পন্তে এম এছ ধোনী হোৱাৰ চেষ্টা নকৰাই ভাল – কোন ক্ৰিকেটাৰে দিলে পৰামৰ্শ?

গিলখ্ৰীষ্টে কয় – মই মহান উইকেটকীপাৰ ইয়ান হিলিৰ ঠাইত দললৈ আহিছিলো। মই কেতিয়াও হিলি হোৱাৰ চেষ্টা কৰা নাই।

News18-Assam
Updated:November 5, 2019, 6:12 PM IST
ঋষভ পন্তে এম এছ ধোনী হোৱাৰ চেষ্টা নকৰাই ভাল – কোন ক্ৰিকেটাৰে দিলে পৰামৰ্শ?
গিলখ্ৰীষ্টে কয় – মই মহান উইকেটকীপাৰ ইয়ান হিলিৰ ঠাইত দললৈ আহিছিলো। মই কেতিয়াও হিলি হোৱাৰ চেষ্টা কৰা নাই।
News18-Assam
Updated: November 5, 2019, 6:12 PM IST
উইকেটৰ পিছত দুৰ্বল প্ৰদৰ্শন আৰু ডি আৰ এছৰ সিদ্ধান্ত ব্যৰ্থ হোৱাক লৈ বহুবাৰ সমালোচনাৰ সন্মুখীন হৈছে ভাৰতীয় ক্ৰিকেট দলৰ সদস্য ঋষভ পন্ত। কিন্তু এইবাৰ অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ আডাম গিলখ্ৰীষ্টে পন্তক লৈ কয় যে মহেন্দ্ৰ সিং ধোনীৰ ঠাই লোৱাৰ কথা ভৱাটোও বহুত ডাঙৰ কথা।

ট্যুৰিজিম ৱেষ্টাৰ্ণ অষ্ট্ৰেলিয়াৰ এক কাৰ্যসূচীত অংশ লৈ গিলখ্ৰীষ্টে কয় যে – ‘মই ভাৰতীয় প্ৰশংসক আৰু সাংবাদিকসকলক পৰামৰ্শ দিবলৈ বিচাৰিম যে মহেন্দ্ৰ সিং ধোনীক কাৰোবাৰ সৈতে তুলনা কৰাৰ কথাও নাভাৱিব কাৰণ আপোনালোকে যিমানেই এনেকুৱা কৰিব সিমানেই আন খেলুৱৈৰ ওপৰত চাপ পৰিব।

গিলখ্ৰীষ্টে কয় – মই মহান উইকেটকীপাৰ ইয়ান হিলিৰ ঠাইত দললৈ আহিছিলো। মই কেতিয়াও হিলি হোৱাৰ চেষ্টা কৰা নাই, হয় মই তেওঁৰ পৰা শিকিছো কিন্তু খেলপথাৰত নিজৰ কৌশলে ব্যৱহাৰ কৰিছিলো। ষঋভ পন্তলৈও মোৰ পৰামৰ্শ হ’ব যে তেওঁ ধোনীৰ পৰা শিকক, কিন্তু ধোনী হোৱাৰ চেষ্টা নকৰি ঋষভেই হৈ থাকক। মই অষ্ট্ৰেলিয়াত তেওঁৰ বেটিং চাইছো, তেওঁ ভাল খেলুৱৈ।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি