অৰুণ জেটলীৰ নামেৰে হ'ব দিল্লীৰ ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়াম

বিৰাট কোহলীৰ নামত হ'ব ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়ামৰ এটা ষ্টেণ্ড

News18-Assam
Updated:August 27, 2019, 5:20 PM IST
অৰুণ জেটলীৰ নামেৰে হ'ব দিল্লীৰ ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়াম
Source- Google
News18-Assam
Updated: August 27, 2019, 5:20 PM IST
সদ্য প্ৰয়াত দেশৰ প্ৰাক্তন বিত্ত মন্ত্ৰী অৰুণ জেটলীলৈ মৰনোত্তৰ ভাবে বিশেষ সন্মান আগবঢ়াইছে দিল্লী এণ্ড ডিষ্ট্ৰিক্ট ক্ৰিকেট এছ'চিয়েচনে। দিল্লীৰ ঐতিহাসিক ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়ামৰ নাম অৰুণ জেটলীৰ নামেৰে নামাকৰণ কৰাৰ সিদ্ধান্ত লৈছে ক্ৰিকেট এছ’চিয়েচনটোৱে।

দিল্লী এণ্ড ডিষ্ট্ৰিক্ট ক্ৰিকেট এছ'চিয়েচনৰ সভাপতি  ৰজত শৰ্মাই ঘোষণাই কৰিছে এই কথা। উল্লেখযোগ্য যে  ১৯৯৯ৰ পৰা ২০১৩লৈ DDCAৰ সভাপতি আছিল জেটলী। জেটলীৰ কাৰ্যকালত অত্যাধুনিক ৰূপ লৈছিল ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়ামে।

সেইদৰে ভাৰতীয় ক্ৰিকেট দলৰ  অধিনায়ক বিৰাট কোহলীৰ নামতো ষ্টেডিয়ামৰ এটা ষ্টেণ্ড নামাকৰণ কৰিব বুলি জানিবলৈ দিয়ে দিল্লী এণ্ড ডিষ্ট্ৰিক্ট ক্ৰিকেট এছ'চিয়েচনৰ সভাপতি  ৰজত শৰ্মাই।

 
আৰু চাওক পৰৱৰ্তী বাতৰি