টি–২০ত হেটট্ৰিক অৰ্জন কৰা প্ৰথম ভাৰতীয় বলাৰ দীপক চাহৰ, ৭ ৰানত ৬টা উইকেট লৈ ৰচিলে বিশ্ব অভিলেখ

বাংলাদেশৰ বিৰুদ্ধে টি–২০ ছিৰিজত আকৰ্ষণীয় বলিং কৰে চাহৰে। তিনিখন খেলত মুঠ ৮টা উইকেট দখল কৰে খেলুৱৈগৰাকীয়ে।

News18-Assam
Updated:November 11, 2019, 7:32 AM IST
টি–২০ত হেটট্ৰিক অৰ্জন কৰা প্ৰথম ভাৰতীয় বলাৰ দীপক চাহৰ, ৭ ৰানত ৬টা উইকেট লৈ ৰচিলে বিশ্ব অভিলেখ
বাংলাদেশৰ বিৰুদ্ধে টি–২০ ছিৰিজত আকৰ্ষণীয় বলিং কৰে চাহৰে। তিনিখন খেলত মুঠ ৮টা উইকেট দখল কৰে খেলুৱৈগৰাকীয়ে।
News18-Assam
Updated: November 11, 2019, 7:32 AM IST
ভাৰতৰ বেগী বলাৰ দীপক চাহৰে দেওবাৰে বাংলাদেশৰ বিৰুদ্ধে নাগপুৰ টি–২০ত হেটট্ৰিক অৰ্জনৰ লগতে ৬টা উইকেট দখল কৰি অভিলেখ সৃষ্টি কৰিলে। চাহৰে ৩.২ অভাৰত ৭ ৰান দি দখল কৰে ৬টা উইকেট। বাংলাদেশৰ অন্তিম অভাৰত চাহৰে অৰ্জন কৰে হেটট্ৰিক। তেওঁ নিজৰ তৃতীয় অভাৰৰ অন্তিম বলত উইকেট দখলৰ পিছতে অন্তিম অভাৰৰ প্ৰথম দুটা বলতো লাভ কৰে উইকেট।

দীপক চাহৰে আন্তঃৰাষ্ট্ৰীয় টি–২০ মেচত হেটট্ৰিক লোৱা প্ৰথম পুৰুষ ভাৰতীয় বলাৰ। মহিলা বলাৰ একতা বিষ্টে টি–২০ত হেটট্ৰিক অৰ্জন কৰা প্ৰথম ভাৰতীয় বলাৰ। দীপক চাহৰৰ অদমনীয় প্ৰদৰ্শনৰ জৰিয়তে ভাৰতে বাংলাদেশক নাগপুৰ টি–২০ত ৩০ ৰানত পৰাস্ত কৰি তিনিখনীয়া শৃংখলা ২–১ত দখল কৰে।

চাহৰৰ পূৰ্বে টি–২০ ফৰ্মেটত আটাইতকৈ উন্নত প্ৰদৰ্শনৰ অভিলেখ শ্ৰীলংকাৰ অজন্তা মেণ্ডিছৰ নামত আছিল। মেণ্ডিছে ২০১২ চনত জিম্বাবৱেৰ বিৰুদ্ধে ৮ ৰান দি দখল কৰিছিল ৬টা উইকেট।



ভাৰতৰ হৈ টেষ্ট মেচত হৰভজন সিঙে সৰ্বপ্ৰথমে হেটট্ৰিক অৰ্জন কৰিছিল। ইফালে, এদিনীয়াত চেতন শৰ্মা আৰু টি–২০ত দীপক চাহাৰে এই কৃতিত্বৰ অধিকাৰী হয়। ২০১৯ বৰ্ষত তিনিজন ভাৰতীয় বলাৰে অৰ্জন কৰিছে হেটট্ৰিক।

বিশ্বকাপত জিম্বাবৱেৰ বিৰুদ্ধে মহম্মদ ছামীয়ে অৰ্জন কৰিছিল হেটট্ৰিক। আনহাতে, জছপ্ৰীত বুমৰাহে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে হেটট্ৰিক অৰ্জন কৰিছিল। তাৰ পিছতে টি–২০ত দীপক চাহৰে এই কৃতিত্ব লাভ কৰে।

বাংলাদেশৰ বিৰুদ্ধে টি–২০ ছিৰিজত আকৰ্ষণীয় বলিং কৰে চাহৰে। তিনিখন খেলত মুঠ ৮টা উইকেট দখল কৰে খেলুৱৈগৰাকীয়ে। এই ছিৰিজত চাহৰে ১০.২ অভাৰ বলিং কৰি ৫৬ ৰান দিয়ে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি