உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • স্বৰ্ণজয়ী অসমীয়া এথলীট অম্লান বৰগোহাঁইৰ পৰৱৰ্তী লক্ষ্য কমনৱেলথ–এছিয়ান গেমছ, ক'ত–কেনেদৰে লৈছিল প্ৰশিক্ষণ?

    স্বৰ্ণজয়ী অসমীয়া এথলীট অম্লান বৰগোহাঁইৰ পৰৱৰ্তী লক্ষ্য কমনৱেলথ–এছিয়ান গেমছ, ক'ত–কেনেদৰে লৈছিল প্ৰশিক্ষণ?

    ৰিলায়েন্স ফাউণ্ডেচন উৰিষ্যা এথলেটিকছ উচ্চ প্ৰদৰ্শন কেন্দ্ৰ (HPC)ৰ মুখ্য প্ৰশিক্ষক জেমছ হিলিয়াৰে এনেদৰে ক'লে নতুন তাৰকা এথলীটগৰাকীক লৈ

    ৰিলায়েন্স ফাউণ্ডেচন উৰিষ্যা এথলেটিকছ উচ্চ প্ৰদৰ্শন কেন্দ্ৰ (HPC)ৰ মুখ্য প্ৰশিক্ষক জেমছ হিলিয়াৰে এনেদৰে ক'লে নতুন তাৰকা এথলীটগৰাকীক লৈ

    ৰিলায়েন্স ফাউণ্ডেচন উৰিষ্যা এথলেটিকছ উচ্চ প্ৰদৰ্শন কেন্দ্ৰ (HPC)ৰ মুখ্য প্ৰশিক্ষক জেমছ হিলিয়াৰে এনেদৰে ক'লে নতুন তাৰকা এথলীটগৰাকীক লৈ

    • Share this:
    ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠা অসমৰ এথলীট অম্লান বৰগোহাঁইক লৈ নতুন আশা দেখা গৈছে। তেলেংগানাত অনুষ্ঠিত ৬০তম ৰাষ্ট্ৰীয় এথলেটিকছ প্ৰতিযোগিতাত ২০০ মিটাৰ দৌৰত ২০.৭৫ ছেকেণ্ডৰে ৰাজ্যিক অভিলেখ আৰু মীট ৰেকৰ্ডসহ অম্লানে সোণৰ পদক লাভ কৰিছিল। ৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰা এনে সফলতাই অম্লানক অসম এথলেটিছৰ নৱতম তাৰকা হিচাপে পৰিগণিত কৰি তুলিছে। দেওবাৰে জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত স্বৰ্ণ পদক জয় কৰাৰ পিছত স্প্ৰিণ্টাৰ অম্লান বৰগোহাঁয়ে এতিয়া অহা বছৰ কমনৱেলথ আৰু এছিয়ান গেমছলৈ দৃষ্টি ৰাখিছে।


    ২৩ বছৰীয়া যুৱ এথলীট অম্লান বৰগোহাঁয়ে ভুবনেশ্বৰত ২০২০ চনৰ এপ্ৰিল মাহৰ পৰা ৰিলায়েন্স ফাউণ্ডেচন উৰিষ্যা এথলেটিকছৰ উচ্চ প্ৰদৰ্শন কেন্দ্ৰ (High-Performance Centre, HPC)ত প্ৰশিক্ষণ লৈছিল। এই প্ৰতিযোগিতাখনৰ আগতে বৰগোহাঁয়ে ১০০ মিটাৰত ৰূপৰ পদক জিকিছিল, ইয়াৰ বাবে তেওঁ সময় লৈছিল ১০.৩৪। ই আছিল আন এটা পিবি (Personal Best)। কিন্তু দৌৰৰ অন্তিম দিনটোত ২০০ মিটাৰত তেওঁৰ অসাধাৰণ প্ৰদৰ্শনে দেশৰ আটাইতকৈ আকৰ্ষণীয় যুৱ খেলুৱৈসকলৰ ভিতৰত তেওঁক প্ৰতিষ্ঠা কৰিছে।


    "মই দৌৰত আধিপত্য বিস্তাৰ কৰিব পাৰিম বুলি আশা কৰিছিলোঁ।" জয়ৰ পিছত আত্মবিশ্বাসী বৰগোহাঁয়ে কৈছিল। তেওঁ কৈছিলঃ "মোৰ প্ৰশিক্ষকে কৈছিল যে মই কল ৰুমত দৌৰ জিকিব পাৰো আৰু মই আত্মবিশ্বাসেৰে সেইটোৱেই কৰিছিলোঁ। মই মোৰ প্ৰদৰ্শনত সুখী আছিলোঁ, কিন্তু মই কেইটামান কাৰিকৰী ত্ৰুটি কৰিছিলোঁ, গতিকে মই জানো যে মই এতিয়াও বহুত দ্ৰুতগতিত দৌৰিব পাৰোঁ। যোৱা কেইমাহমানৰ পৰা মই মোৰ গতি সহনশীলতা আৰু সমাপ্তিৰ গতিৰ উন্নতি কৰিছোঁ। এইশক্ষেত্ৰত মই আৰু মোৰ প্ৰশিক্ষকে এই প্ৰতিযোগিতাৰ বাবে বিশেষভাৱে কাম কৰি আছোঁ।"


    ৰিলায়েন্স ফাউণ্ডেচন উৰিষ্যা এথলেটিকছ উচ্চ প্ৰদৰ্শন কেন্দ্ৰ (HPC)ৰ মুখ্য প্ৰশিক্ষক জেমছ হিলিয়াৰে কয়, "প্ৰথমতে এইটো তেওঁৰ ব্যক্তিগত শ্ৰেষ্ঠতাৰ ওপৰত এক গুৰুত্বপূৰ্ণ উন্নতি আছিল আৰু দ্বিতীয়তে তেওঁ আৰম্ভণিৰ পৰা শেষলৈকে দৌৰৰ ক্ষেত্ৰত যি ধৰণৰ আত্মবিশ্বাসৰ গৰাকী আছিল সেয়া অতি আকৰ্ষণীয় আছিল।" "এইটো মন কৰিবলগীয়া কথা আছিল যে তেওঁ এই দৌৰত একমাত্ৰ অনা–আন্তৰ্জাতিক (Non International) আৰু আটাইতকৈ কম অভিজ্ঞ খেলুৱৈ আছিল। কিন্তু প্ৰদৰ্শনৰ ফালৰ পৰা এনে লাগিছিল যেন তেওঁ এই ক্ষেত্ৰৰ আটাইতকৈ অভিজ্ঞ।"


    উল্লেখ্য, ১৮ মাহ আগতে HPCত যোগদান কৰাৰ পিছত বৰগোহাঁইৰ প্ৰগতি লক্ষণীয় আছিল। তেওঁ ইয়াত যোগ দিয়াৰ সময়ত ২০০ মিটাৰত তেওঁৰ পিবি আছিল ২১.৮৯ ছেকেণ্ড। ভুবনেশ্বৰৰ কলিঙ্গ ষ্টেডিয়ামত প্ৰশিক্ষণ লোৱাৰ পিছত এইক্ষেত্ৰত তেওঁ বহুখিনি সাফল্য লাভ কৰিছে। HPCত আভ্যন্তৰীণ প্ৰদৰ্শন গ্ৰেডেড ৰেচত বৰগোহাঁয়ে ২১.১৫ আৰু ২১.১০ ছেকেণ্ডৰ সময় ৰেকৰ্ড কৰিছে। ৱাৰাংগলত তেওঁ সেই সময় ২১.০০ ছেকেণ্ডলৈ আৰু ফাইনেলত ২০.৭৫ ছেকেণ্ডলৈ উন্নত কৰিবলৈ সক্ষম হৈছিল।


    ৰিলায়েন্স ফাউণ্ডেচনৰ প্ৰশিক্ষণ কেন্দ্ৰটোৰ প্ৰশিক্ষকগৰাকী কয় যে তেওঁ নিশ্চিতভাৱে এই মুহূৰ্তত দেশৰ শ্ৰেষ্ঠ ২০০ মিটাৰ দৌৰবিদ। তেওঁ কয়– "মই ভাবো সঠিক দৌৰত তেওঁ ১০০ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰিব পাৰে।" প্ৰশিক্ষক হিলিয়াৰে অম্লানক অহা বছৰ ইউৰোপলৈ নিব বিচাৰে, য'ত তেওঁ বিদেশী খেলুৱৈসকলৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগত আৰু কিছু অভিজ্ঞতা লাভ কৰিব পাৰে। উল্লেখ্য,অম্লান বৰগোহাঁইক লৈ যথেষ্ট আশা প্ৰকাশ কৰা প্ৰশিক্ষক হিলিয়াৰ এগৰাকী ব্ৰিটিছ নাগৰিক। ২০১৯ চনত মুখ্য প্ৰশিক্ষক হিচাপে ৪৩ বছৰীয়া ব্ৰিটিছ নাগৰিকগৰাকীয়ে এই প্ৰশিক্ষণ কেন্দ্ৰটোত যোগদান কৰিছিল। উৰিষ্যা চৰকাৰ আৰু ৰিলায়েন্স ফাউণ্ডেচনৰ মাজত সহযোগিতামূলক প্ৰচেষ্টা হিচাপে স্থাপন কৰা হৈছিল এই প্ৰশিক্ষণ কেন্দ্ৰটো।
    Published by:Gautam Barman
    First published: