ডুবাইৰ পৰা স্বগৃহত আহি উপস্থিত হ’ল ৰিয়ান পৰাগ, IPL খেলি থাকোতে আজৰি সময়ত কাক কাক বিহু শিকালে ৰিয়ানে?

আই পি এলৰ সময়তে প্ৰতিপক্ষ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু দলৰ অধিনায়ক তথা টীম ইণ্ডিয়াৰ কেপ্টেইন বিৰাট কোহলীয়ে ৰিয়ান পৰাগক দিছিল বহু টিপছ।
আই পি এলৰ সময়তে প্ৰতিপক্ষ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু দলৰ অধিনায়ক তথা টীম ইণ্ডিয়াৰ কেপ্টেইন বিৰাট কোহলীয়ে ৰিয়ান পৰাগক দিছিল বহু টিপছ।
- News18 Assam
- Last Updated: November 17, 2020, 2:37 PM IST
চলিব বৰ্ষৰ আই পি এলৰ সময়তে প্ৰতিপক্ষ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু দলৰ অধিনায়ক তথা টীম ইণ্ডিয়াৰ কেপ্টেইন বিৰাট কোহলীয়ে ৰিয়ান পৰাগক দিছিল বহু টিপছ। টীম ইণ্ডিয়াৰ ছিনিয়ৰ দলত অন্তৰ্ভুক্ত হোৱাৰ সপোন দেখা অলৰাউণ্ডাৰগৰাকীয়ে IPLৰ অৱসৰৰ সময়ৰ কথা উল্লেখ কৰি কয় – "মই অনুশীলনৰ অন্তত টীম মেট জোফ্ৰা আৰ্চাৰ, ৰাহুল টেৱটিয়া আৰু বেন ট্ৰোকক বিহু শিকাইছিলো"।
সদ্যসমাপ্ত আই পি এলৰ ছেমি ফাইনেলিষ্ট ছানৰাইজাৰ্ছ হাইদৰাবাদৰ বিৰুদ্ধে অপৰাজিত ৪২ ৰানৰ ইনিংছ খেলা ৰিয়ানৰ চলিত ছিজনত আগন্তুক লক্ষ্য হ’ল ৰঞ্জী ট্ৰফী। দুদিন জিৰণি লোৱাৰ পিছতে বৃহস্পতিবাৰৰ পৰা পুনৰ অনুশীলন আৰম্ভ কৰিব ৰিয়ান পৰাগে।