আই পি এলৰ বাবে ডুবাই অভিমুখে ৰাওনা হ’ল ক্ৰিকেটাৰ ৰিয়ান পৰাগ

News18 Assam | News18-Assam
Updated:August 18, 2020, 1:07 PM IST
আই পি এলৰ বাবে ডুবাই অভিমুখে ৰাওনা হ’ল ক্ৰিকেটাৰ ৰিয়ান পৰাগ
ৰাজস্থান ৰয়েলছৰ নিৰ্ভৰযোগ্য যুৱ অলৰাউণ্ডাৰ ৰিয়ান পৰাগে বিগত বৰ্ষৰ আই পি এলত সুন্দৰ খেল প্ৰদৰ্শন কৰিছিল।

ৰাজস্থান ৰয়েলছৰ নিৰ্ভৰযোগ্য যুৱ অলৰাউণ্ডাৰ ৰিয়ান পৰাগে বিগত বৰ্ষৰ আই পি এলত সুন্দৰ খেল প্ৰদৰ্শন কৰিছিল।

  • Share this:
১৯ ছেপ্টেম্বৰৰ পৰা ১০ নবেম্বৰলৈ ইউনাইটেড আৰব এমিৰেটছ চমুকৈ ইউ এ ইৰ ক্ৰমে শ্বাৰজাহ আৰু আবুধাবিত অনুষ্ঠিত হ’ব আই পি এলৰ ত্ৰয়োদশ বৰ্ষৰ খেল। বিশ্ব ক্ৰিকেটৰ গ্লেমাৰাছ ক্ৰিকেট লীগখনত অংশগ্ৰহণৰ বাবে ডুবাই অভিমুখে ৰাওনা হৈছে অসমৰ তাৰকা অলৰাউণ্ডাৰ ৰিয়ান পৰাগ। চাৰিবাৰকৈ কোভিড টেষ্টৰ ফলাফল নিগেটিভ অহাৰ পিছত প্ৰথমে মুম্বাই, তাৰ পিছত ডুবাই অভিমুখে উৰা মাৰিছে ৰিয়ান পৰাগে।

ৰাজস্থান ৰয়েলছৰ নিৰ্ভৰযোগ্য যুৱ অলৰাউণ্ডাৰ ৰিয়ান পৰাগে বিগত বৰ্ষৰ আই পি এলত সুন্দৰ খেল প্ৰদৰ্শন কৰিছিল। আই পি এলত অৰ্ধশতৰান অৰ্জন কৰা কনিষ্ঠতম ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছিল অসমৰ ৰিয়ান পৰাগ। এইবছৰো উন্নত প্ৰদৰ্শনৰ বাবে কোভিডৰ–১৯ৰ লক ডাউনৰ মাজতে ঘৰৰ ভিতৰতে কঠোৰ অনুশীলনত ব্ৰতী হৈছিল ৰিয়ান পৰাগে।

ইয়াৰোপৰি ৰঞ্জী ট্ৰফীত সুন্দৰ খেল প্ৰদৰ্শন কৰা অসমৰ ৰাহুল সিং, মৃন্ময় দত্ত , জিতুমণি কলিতা আৰু মুক্তাৰে আই পি এলৰ নেটত বল দিয়াৰ বাবে আমন্ত্ৰণ লাভ কৰিছে। আই পি এলৰ দলত নেট বলিঙে ক্ৰিকেটাৰ চাৰিগৰাকীৰ যথেষ্ট অভিজ্ঞতা হ’ব।
Published by: Sanjay Kumar Das
First published: August 18, 2020, 1:07 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading