মই জানিছিলোৱে মোক দলৰ পৰা বাহিৰ কৰা হ’ব – আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰক লৈ মুখ খুলিলে যুৱৰাজে
News18-Assam Updated:September 27, 2019, 12:36 PM IST

Photo: hindustantimes.com
অৱসৰক লৈ যুৱৰাজে কয় – মই চেম্পিয়ন ট্ৰফী ২০১৭ৰ পিছত খেলা ৮–৯খন খেলৰ ভিতৰত দুখনত মেন অব দ্য মেচ নিৰ্বাচিত হৈছো আৰু মই কেতিয়াও ভৱা নাছিলো যে মোক দলৰ পৰা বাহিৰ কৰি দিয়া হ’ব।
- News18 Assam
- Last Updated: September 27, 2019, 12:36 PM IST
সুযোগ বিচাৰি আছিল।
২০১৯ৰ বিশ্বকাপ খেলিব বিচাৰিছিল যুৱৰাজ সিঙে। ‘আজ টক’ক দিয়া এক সাক্ষাৎকাৰত যুৱৰাজে দুখ প্ৰকাশ কৰি কয় যে বিচিচিআয়ে বীৰেন্দ্ৰ ছেহৱাগ, জাহিৰ খানৰ দৰে জ্যেষ্ঠ ক্ৰিকেটাৰৰ সৈতে তেওঁৰ কেৰিয়াৰৰ শেষ দিনটোতো কথা নাপাতিলে। যুৱৰাজ সিঙে ভাৰতীয় দলৰ হৈ ২০১৭ চনত ইংলেণ্ডৰ বিৰুদ্ধে অন্তিমখন টি–২০ খেলিছিল, যিখন খেলত ৭৫ ৰানত জয়ী হৈছিল ভাৰত।
যুৱৰাজে কয় – তেওঁলোকে ভৱা নাছিল যে মই এই বয়সত টেষ্টত উত্তীৰ্ণ হ’ম। আৰু এনে অৱস্থাত মোক বাধা দিয়াটো সহজ হ’ব। মই ভাবো যিয়ে ১৫–১৭ বছৰলৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিছে তেওঁৰ সৈতে বহা আৰু আলোচনা নকৰাটো দুৰ্ভাগ্যজনক। কোনোৱে মোৰ সৈতে বা বীৰেন্দ্ৰ ছেহৱাগ বা জাহিৰ খানৰ সৈতে কথা নাপাতিলে।
২০১১ৰ বিশ্বকাপত মেন অব দ্য টুৰ্ণামেণ্ট নিৰ্বাচিত হোৱা যুৱৰাজে কয় যে মই ২০১৯ৰ বিশ্বকাপ খেলিব বিচাৰিছিলো। ২০১৫তো যেতিয়া দলত স্থান পোৱা নাছিলো তেতিয়া নিৰাশ হৈছিলো। সেই সময়ত ৰঞ্জী ট্ৰফীত ভাল প্ৰদৰ্শন কৰিছিলো। অৱশ্যে সঠিক সময়ত অৱসৰ লোৱাৰ সিদ্ধান্তক লৈ সন্তুষ্টি প্ৰকাশ কৰে যুৱৰাজে।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube, Facebook আৰু Twitter ত আমাক ফল’ কৰক।