বিৰাট কোহলীৰ IPL দলৰ খেলুৱৈ মেচ ফিক্সিঙত জড়িত, ২০ লাখ টকাৰ বিনিময়ত মন্থৰ গতিত কৰিছিল বেটিং!

মেচ ফিক্সিঙত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে IPL ৰ RCB দলৰ দুগৰাকী খেলুৱৈ

News18-Assam
Updated:November 7, 2019, 2:13 PM IST
বিৰাট কোহলীৰ IPL দলৰ খেলুৱৈ মেচ ফিক্সিঙত জড়িত, ২০ লাখ টকাৰ বিনিময়ত মন্থৰ গতিত কৰিছিল বেটিং!
Source-Google
News18-Assam
Updated: November 7, 2019, 2:13 PM IST
মেচ ফিক্সিঙত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে IPL ৰ RCB দলৰ দুগৰাকী খেলুৱৈ। ২০ লাখ টকাৰ বিনিময়ত মন্থৰ গতিত বেটিং কৰাৰ অভিযোগ খেলুৱৈ দুগৰাকীৰ বিৰুদ্ধে। RCBৰ দুয়োগৰকী খেলুৱৈৰ নাম হ’ল চি এম গৌতম আৰু অৱৰাৰ কাজী। কৰ্ণাটকত চলি থকা কৰ্ণাটক প্ৰিমিয়াৰ লীগত সংঘটিত হৈছে এই কাণ্ড। চলিত কৰ্ণাটক প্ৰিমিয়াৰ লীগত আজি আঠ দিন ধৰি মেচ ফিক্সিঙৰ খবৰে তোলপাৰ লগাইছে সমগ্ৰ দেশ।



মেচ ফিক্সিঙত নাম সাঙুৰ খাই পৰিছে টৰ্ণামেণ্টত খনত ভাগ লোৱা  দুয়োগৰাকী IPLখেলুৱৈৰ। দুয়োগৰাকী খেলুৱৈক বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে বাংগালুৰু আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই।
আৰু চাওক পৰৱৰ্তী বাতৰি