ৰাঁচী টেষ্টত জয়েৰে ভাৰতে ৰচিলে ইতিহাস, দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমবাৰ ক্লীন ছুইপ

News18-Assam
Updated:October 22, 2019, 12:08 PM IST
ৰাঁচী টেষ্টত জয়েৰে ভাৰতে ৰচিলে ইতিহাস, দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমবাৰ ক্লীন ছুইপ
২০১২ চনৰ পৰা ঘৰুৱা মাটিত টেষ্ট ছিৰিজত পৰাজিত হোৱা নাই ভাৰত।

২০১২ চনৰ পৰা ঘৰুৱা মাটিত টেষ্ট ছিৰিজত পৰাজিত হোৱা নাই ভাৰত।

  • Share this:
ৰাঁচী টেষ্টত বৃহৎ জয় টীম ইণ্ডিয়াৰ। খেলৰ চতুৰ্থ দিনা টীম ইণ্ডিয়াক জয়ৰ বাবে ২ উইকেটৰ প্ৰয়োজন আছিল আৰু ভাৰতীয় বলাৰে দক্ষিণ আফ্ৰিকাৰ ইনিংছ সমাপ্ত কৰিবলৈ অধিক সময় নল’লে। ভাৰতে কেৱল ১২টা বলতে দক্ষিণ আফ্ৰিকাৰ বাচি থকা দুটা উইকেট দখল কৰে। ফলত দক্ষিণ আফ্ৰিকাৰ ইনিংছ ১৩৩ ৰানতে সমাপ্ত হয় আৰু ২০২ ৰানত জয়লাভ কৰে ভাৰতে।

এই জয়েৰে বিৰাট কোহলী বাহিনীয়ে ৰচিলে ইতিহাস। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট ছিৰিজত ক্লীন ছুইপ কৰা প্ৰথমগৰাকী ভাৰতীয় অধিনাক হিচাপে পৰিচিত হ’ল বিৰাট কোহলী। উল্লেখযোগ্য যে দেশৰ ভূমিত ৩২খনৰ ভিতৰত ২৬খন টেষ্টত জয়লাভ কৰিছে ভাৰতে। ২০১২ চনৰ পৰা ঘৰুৱা মাটিত টেষ্ট ছিৰিজত পৰাজিত হোৱা নাই ভাৰত।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

First published: October 22, 2019, 12:08 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading