ভাৰতীয় ক্ৰিকেট দল বৰ্তমান সাজু হৈ উঠিছে ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰ বাবে। সোমবাৰে নিশা অধিনায়ক বিৰাট কোহলীৰ নেতৃত্বত ভাৰতীয় দল ৱেষ্ট ইণ্ডিজ অভিমুখে উৰা মাৰিব। ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰ প্ৰাকমুহূৰ্তত ভাৰতীয় দলৰ প্ৰাক্তন খেলুৱৈ সুনীল গাভাস্কাৰে বিচিচিআইৰ খেলুৱৈ নিৰ্বাচন প্ৰক্ৰিয়াৰ ওপৰত উত্থাপন কৰিছে প্ৰশ্নৰ! ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ, দলৰ নিৰ্বাচন কমিটীৰ অধ্যক্ষ এম এস কে প্ৰসাদে ৱেষ্ট ইণ্ডিজ বিৰুদ্ধে খেলিবলগীয়া শৃংখলাৰ বাবে কোহলীক দলৰ অধিনায়কৰ দায়িত্ব দিয়াকলৈ অসন্তোষ্টি প্ৰকাশ কৰিছে গাভাস্কাৰে।
মিড ডে ত প্ৰকাশিত সুনীল গাভাস্কাৰৰ এটা লেখনিক উল্লেখ কৰিছে যে, ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰ কাৰণে ভাৰতীয় দল ঘোষণা কৰাৰ আগত নিৰ্বাচন কমিটীয়ে বিৰাট কোহলীক দলৰ অধিনায়কৰ দায়িত্ব দিবৰ বাবে কোনো বৈঠক অনুষ্ঠিত নকৰিলে। ইয়াৰ পৰা এটা কথাই স্পষ্ট হৈছে যে বিৰাট কোহলীয়ে নিজৰ আৰু নিৰ্বাচন কমিটীৰ বিশ্বাসৰ কাৰণে আকৌ অধিনায়কৰ দায়িত্ব পালে।
বিশ্বকাপ প্ৰতিযোগিতালৈকে হে কোহলী আছিল দলৰ অধিনায়কৰ দায়িত্বত
গাভাস্কাৰে লগতে উল্লেখ কৰে যে, ‘যিমান দূৰলৈকে আমাৰ হাতত খবৰ আছে ,বিৰাট কোহলীক ২০১৯ ৰ বিশ্বকাপলৈকে হে দলৰ অধিনায়কৰ দায়িত্ব দিয়া হৈছিল।’ ইয়াৰ পিছত নিয়ম অনুসৰি নিৰ্বাচন কমিটীয়ে দলৰ অধিনায়ক নিৰ্বাচনৰ বাবে বৈঠক অনুষ্ঠিত কৰিব লাগিছিল, কিন্তু তাকে নকৰি আকৌ বিৰাট কোহলীকে অধিনায়ক দায়িত্ব দিয়া হ’ল।’
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|