ৱেষ্ট ইণ্ডিজ ভ্ৰমণলৈ নাযায় ধোনী, দুমাহ দেশৰ সামৰিক দিশলৈ আগবঢ়াব সেৱা!

দেওবাৰে বিচিচিআইয়ে ঘোষণা কৰিব ৱেষ্ট–ইণ্ডিজ ভ্ৰমণৰ বাবে ভাৰতীয় দল

News18-Assam
Updated:July 20, 2019, 3:45 PM IST
ৱেষ্ট ইণ্ডিজ ভ্ৰমণলৈ নাযায় ধোনী, দুমাহ দেশৰ সামৰিক দিশলৈ আগবঢ়াব সেৱা!
দেওবাৰে বিচিচিআইয়ে ঘোষণা কৰিব ৱেষ্ট–ইণ্ডিজ ভ্ৰমণৰ বাবে ভাৰতীয় দল
News18-Assam
Updated: July 20, 2019, 3:45 PM IST
দেওবাৰে ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰ বাবে ভাৰতীয় দল ঘোষণা কৰাৰ আগমুহূৰ্তত মহেন্দ্ৰ সিং ধোনীয়ে আগন্তুক ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শৃংখলাত ভাগ নোলোৱাটো প্ৰায় চুড়ান্ত হ’ল! মহেন্দ্ৰ সিং ধোনী আগন্তুক দুমাহ জাতীয় দলৰ পৰা আঁতৰি থাকিব।দৰাচলতে ধোনীয়ে আগন্তুক দুমাহ নিজৰ পেৰামিলিটেৰী ৰেজীমেণ্টলৈ আগবঢ়াব সেৱা। খবৰ অনুসৰি ধোনীয়ে এই বিষয়ে কেইদিনমান পূৰ্বে বিচিচিআইৰ বিষয়–ববীয়াৰ সন্মুখত নিজৰ অভিমত দাঙি ধৰিছিল।



ধোনীয়ে বিশ্বকাপৰ পূৰ্বেই এই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেইদৰে বিশ্বকাপৰ পিছৰ পৰাই মহেন্দ্ৰ সিং ধোনীৰ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ বিষয়ে বিশেষ চৰ্চা লাভ কৰি আছে। সেইসময়তে এতিয়া বিচিচিআইৰ বিষয়াই জনাইছে যে, ‘ ধোনীয়ে কেৱল দুমাহ ক্ৰিকেটৰ পৰা বিশ্ৰাম লৈছে। কিন্তু এতিয়ালৈকে ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা চিন্তা কৰা নাই ধোনীয়ে। এই বিষয়ে ইতিমধ্যে বিচিচিআই আৰু নিৰ্বাচন কমিটিকো জনাইছে ধোনীয়ে। ২০১১ চনত ধোনীক লেফ্টেনেণ্ট কৰ্ণেলৰ মৰ্যদা দিয়া হৈছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি