যুৱৰাজ সিঙৰ নামত থকা অভিলেখ ভংগ কৰিবলৈ আৰু মাত্ৰ দুখোজ পিছত ৰোহিত শৰ্মা!

২০১১ চনৰ বিশ্বকাপত যুৱৰাজ সিঙে চাৰিবাৰ মেন অৱ দ্যা মেচ সন্মান লাভ কৰি গঢ়িছিল বিশ্ব অভিলেখ! চলিত বিশ্বকাপত ৰোহিত শৰ্মাই এতিয়ালৈকে তিনিবাৰ মেন অৱ দ্যা মেচ সন্মান লাভ কৰিছে।

News18-Assam
Updated:July 6, 2019, 12:41 PM IST
যুৱৰাজ সিঙৰ নামত থকা অভিলেখ ভংগ কৰিবলৈ আৰু মাত্ৰ দুখোজ পিছত ৰোহিত শৰ্মা!
২০১১ চনৰ বিশ্বকাপত যুৱৰাজ সিঙে চাৰিবাৰ মেন অৱ দ্যা মেচ সন্মান লাভ কৰি গঢ়িছিল বিশ্ব অভিলেখ! চলিত বিশ্বকাপত ৰোহিত শৰ্মাই এতিয়ালৈকে তিনিবাৰ মেন অৱ দ্যা মেচ সন্মান লাভ কৰিছে।
News18-Assam
Updated: July 6, 2019, 12:41 PM IST
ভাৰতীয় দলৰ প্ৰাক্তন তাৰকা যুৱৰাজ সিঙৰ নামত আছে বিশ্বকাপ ক্ৰিকেটৰ ইতিহাসত এক অনন্য অভিলেখ।২০১১ চনৰ বিশ্বকাপত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই যুৱৰাজে ভাৰতীয় দলক বিশ্বকাপৰ খিতাপ দখলত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ২০১১ ৰ বিশ্বকাপত যুৱৰাজে লাভ কৰিছিল চাৰিবাৰ মেন অৱ দ্যা মেচৰ সন্মান। কোনো বিশ্বকাপ প্ৰতিযোগিতাত সৰ্বাধিক মেন অৱ দ্যা মেচ সন্মান লাভ কৰা ৰেকৰ্ড আজি পৰ্যন্ত যুৱৰাজৰ নামতেই আছে। কিন্তু এইবাৰ ৰোহিত শৰ্মাই ভংগ কৰিব পাৰে যুৱৰাজ সিঙৰ নামত থকা অভিলেখ! চলিত বিশ্বকাপত দুৰ্দান্ত ফৰ্মত আছে হিট মেন ৰোহিত শৰ্মা। তিনিটাকৈ শতৰাণ কৰি ৰোহিত এতিয়া ভাৰতীয় বেটিঙৰ প্ৰধান শক্তি হিচাপে পৰিগণিত হৈছে।



ভাৰতে ইতিমধ্যে বাংলাদেশক পৰাস্ত কৰি বিশ্বকাপৰ ছেমি ফাইনেল খেলিবলৈ যোগ্যতা অৰ্জন কৰিছে।শণিবাৰে ভাৰত ৰাউণ্ড ৰবীন পৰ্যায়ৰ অন্তিমখন মেচত শ্ৰীলংকাৰ বিৰুদ্ধে মুখামুখি হ’ব।



চলিত বিশ্বকাপত ইতিমধ্যে ৰোহিত শৰ্মাই  তিনিবাৰ মেন অৱ দ্যা মেচ সন্মান লাভ কৰিছে। যদি আজিৰ মেচখনৰ লগতে ছেমি ফাইনেলত ৰোহিত শৰ্মাই মেন অৱ দ্য়া মেচ সন্মান লাভ কৰিবলৈ সক্ষম হয়, তেন্তে ৰোহিতে ভংগ কৰিব পাৰিব যুৱৰাজ সিঙৰ অভিলেখ।
আৰু চাওক পৰৱৰ্তী বাতৰি