IPL 2019, SRH Vs DC: এলিমিনেটৰ মেচত দৰ্শনীয় ছিক্স, শূণ্যতে হেৰাই গ’ল বল!

দিল্লী কেপিটেলছৰ বিৰুদ্ধে ১৯টা বলত ৩৬ ৰান কৰি আউট মাৰ্টিন গুপ্টিল, ৪টা দীঘলীয়া ছয়

news18assam
Updated:May 9, 2019, 9:53 AM IST
IPL 2019, SRH Vs DC: এলিমিনেটৰ মেচত দৰ্শনীয় ছিক্স, শূণ্যতে হেৰাই গ’ল বল!
দিল্লী কেপিটেলছৰ বিৰুদ্ধে ১৯টা বলত ৩৬ ৰান কৰি আউট মাৰ্টিন গুপ্টিল, ৪টা দীঘলীয়া ছয়
news18assam
Updated: May 9, 2019, 9:53 AM IST
IPLৰ এলিমিনেটৰ মেচত কেপিটেলছে টছত জিকি হায়দৰাবাদক প্রথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। হায়দৰাবাদৰ মাৰ্টিন গাপ্টিলৰ ১৯টা বলত ৩৬ ৰানেৰে বিস্ফোৰক বেটিং।

মাৰ্টিন গুপ্টিলে ৩৬ ৰানত ৪টা দীঘলীয়া ছয়। ঈশান্ত শৰ্মাই দিয়া বলত তেওঁৰ প্ৰথমটো ছয়ে সকলোকে আচৰিত হ’বলৈ বাধ্য কৰায়।

মাৰ্টিন গুপ্টিলক বলাৰ ঈশান্ত শৰ্মাই দিয়াই বলত খেলুৱৈগৰাকীয়ে ইমান দীঘলীয়া ছয় মাৰে যে বলটো শূণ্যৰ মাজতে হেৰাই যায়। এই ছয়ৰ দৈৰ্ঘ যদিও ৮৬ মিটাৰ আছিল কিন্তু উচ্চতা অনুযায়ী এই ছয় যথেষ্ট অসাধাৰণ আছিল।

গুপ্টিলে পাৱাৰপ্লে’ৰ ভিতৰতে মাৰে ৪টা ছয় মাৰে, প্ৰথমটো ছয় ঈশান্ত শৰ্মাই দিয়া বলত আৰু ধাৰাবাহিক দুটা ছয় ট্ৰেণ্ট বল্ট’ত দিয়া বলত মাৰিবলৈ সক্ষম হয়। ইয়ৰোপৰি তেওঁ অক্ষৰ পাটেলৰ বলটো মাৰে এটা ছয়। যদিও ৭নম্বৰৰ অভাৰত অমিত মিশ্ৰাই গাপ্টিলক প্ৰিথভী শ্ব’ৰ হাতত আউট কৰালে।
আৰু চাওক পৰৱৰ্তী বাতৰি