আজি কলকাতাৰ ইডেন গাৰ্ডেনত ৰচনা হ’ব ইতিহাস, ‘গুলপীয়া’ অধ্যায়ৰ বাবে সাজু বিৰাট বাহিনী

News18-Assam
Updated:November 22, 2019, 11:36 AM IST
আজি কলকাতাৰ ইডেন গাৰ্ডেনত ৰচনা হ’ব ইতিহাস, ‘গুলপীয়া’ অধ্যায়ৰ বাবে সাজু বিৰাট বাহিনী
এই মেচখনত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব গুলপীয়া বলত কিয়নো সকলো খেলুৱৈৰ বাবে এই বল এক ৰহস্যৰ দৰেই।

এই মেচখনত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব গুলপীয়া বলত কিয়নো সকলো খেলুৱৈৰ বাবে এই বল এক ৰহস্যৰ দৰেই।

  • News18 Assam
  • Last Updated: November 22, 2019, 11:36 AM IST
  • Share this:
কলকাতাৰ ঐতিহাসিক ইডেন গাৰ্ডেনত আজি এক নতুন ইতিহাস ৰচনা হ’ব। আজি প্ৰথমবাৰৰ বাবে ভাৰতৰ ভূমিত গুলপীয়া বলেৰে হ’ব দিবা–নৈশ টেষ্ট মেচ। ভাৰত আৰু বাংলাদেশে প্ৰথমবাৰৰ বাবে দিবা–নৈশ টেষ্টত অৱতীৰ্ণ হ’ব আৰু সেয়েহে এই খেলখন হ’ব অধিক ৰোমাঞ্চকৰ।

এই মেচখনত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব গুলপীয়া বলত কিয়নো সকলো খেলুৱৈৰ বাবে এই বল এক ৰহস্যৰ দৰেই। বিৰাট কোহলীয়ে হওক বা ৰোহিত শৰ্মাই হওক, ৰাহানেই হওক বা পূজাৰাই হওক কোনো খেলুৱৈ অভ্যস্ত নহয় এই গুলপীয়া বলৰ সৈতে। খেলৰ ফলাফল কি হ’ব সেয়া সময়ে ক’ব। কিন্তু তাৰ আগতে আমি আপোনাক জনাবলৈ লৈছো গুলপীয়া বলেৰে খেলা দিবা–নৈশ টেষ্টৰ বৃহৎ অভিলেখৰ বিষয়ে। যিটো জনাৰ পিছত আপুনি কিছু অনুমান কৰিব পাৰিব যে কলকাতাত গুলপীয়া বলে কি কৰিব।

বেগী বলাৰৰ বাবে সহায়ক

দিবা–নৈশ টেষ্টত ব্যৱহাৰ হ’বলগীয়া গুলপীয়া বল বলাৰৰ বাবে অত্যন্ত সুবিধাজনক। এতিয়ালৈ খেলা ১১খন দিবা–নৈশ টেষ্টত বেগী বলাৰে ২৫৭ উইকেট লৈছে আৰু স্পীনাৰৰ নামত আছে মাত্ৰ ৯৫টা উইকেট।

AP Photo


মিচেল ষ্টাৰ্ক ১ নম্বৰ খেলুৱৈ
গুলপীয়া বলেৰে সবাতোকৈ সফল খেলুৱৈ হৈছে মিচেল ষ্টাৰ্ক। এইগৰাকী বেগী বলাৰে ৫খন দিবা–নৈশ টেষ্ট মেচত ২৬টা উইকেট দখল কৰিছে। অৱশ্যে গুলপীয়া বলেৰে এটা ইনিংছত সবাতোকৈ ভাল প্ৰদৰ্শনৰ অভিলেখ আছে লেক স্পীনাৰ দেৱেন্দ্ৰ বিছুৰ নামত। বিছুৱে পাকিস্তানৰ বিৰুদ্ধে এটা ইনিংছত দখল কৰিছিল ৮টা উইকেট।

আজহাৰ আলী সবাতোকৈ সফল বেটছমেন
গুলপীয়া বলেৰে ৰান সংগ্ৰহৰ ক্ষেত্ৰত সকলোতকৈ আগত আছে পাকিস্তানৰ টেষ্ট অধিনায়ক আজহাৰ আলী। আজহাৰে ৩খন দিবা–নৈশ টেষ্টত ৯১.২০ গড় ৰানেৰে ৪৫৬ ৰান সংগ্ৰহ কৰিছে।



গুলপীয়া বলেৰে ৰান কৰাটো কঠিন
গুলপীয়া বলেৰে খেলা ১১খন টেষ্ট মেচত ১১ বাৰ এনেকুৱা হৈছে যে দলে ১৫০ৰ ঘৰো অতিক্ৰম কৰিব পৰা নাই। ইয়ে প্ৰমাণ কৰে যে গুলপীয়া বল বেটছমেনৰ বাবে কিমান কঠিন। এনে পৰিস্থিতিত বিৰাট বাহিনীয়ে এইক্ষেত্ৰত কতৰ্ক হ’ব লাগিব।

গুলপীয়া ইতিহাস সৃষ্টিৰ বাবে ইতিমধ্যে সাজু হৈছে কলকাতা। গুলপীয়া ৰঙেৰে সজাই–পৰাই তোলা হৈছে ইডেন গাৰ্ডেনৰ লগতে বিভিন্ন গুৰুত্বপূৰ্ণ স্থান। ভাৰত–বাংলাদেশৰ মাজৰ দুখনীয়া টেষ্ট শৃংখলাৰ দ্বিতীয়খন খেল আজি দুপৰীয়া ১ বজাৰ পৰা আৰম্ভ হ’ব।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি