ICC-এ সলনি কৰিব ১৪২ বছৰীয়া ইতিহাস, এতিয়া চাৰিদিনীয়া হ’ব টেষ্ট মেচ!

News18 Assam | News18-Assam
Updated:December 30, 2019, 2:01 PM IST
ICC-এ সলনি কৰিব ১৪২ বছৰীয়া ইতিহাস, এতিয়া চাৰিদিনীয়া হ’ব টেষ্ট মেচ!
ICC–এ ২০২০ত বিশ্বৰ সকলো ব’ৰ্ডৰ বিষয়াসকলৰ সৈতে বৈঠকত অনুষ্ঠিত কৰি টেষ্ট মেচৰ দিন হ্ৰাস কৰাৰ ওপৰত আলোচনা কৰিব।

ICC–এ ২০২০ত বিশ্বৰ সকলো ব’ৰ্ডৰ বিষয়াসকলৰ সৈতে বৈঠকত অনুষ্ঠিত কৰি টেষ্ট মেচৰ দিন হ্ৰাস কৰাৰ ওপৰত আলোচনা কৰিব।

  • Share this:
এটা সময় আছিল যেতিয়া টেষ্ট ক্ৰিকেট প্ৰায়ে ড্ৰ’ হৈছিল। ৫ দিনলৈ খেলাৰ পিছতো মেচৰ কোনো ফলাফল ওলোৱা নাছিল, কিন্তু এতিয়া সময় সলনি হৈছে। এতিয়া টেষ্ট ক্ৰিকেটত প্ৰায় প্ৰতিখন মেচৰে ফলাফল ওলায়। কম সংখ্যক মেচহে ড্ৰ হোৱা দেখা যায়। ইমানেই নহয়, এতিয়া টেষ্ট মেচ ৫ দিনৰ পূৰ্বেই সমাপ্ত হোৱা দেখা যায়। এই ট্ৰেণ্ডলৈ চাই এতিয়া ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল (ICC)-এ ল’ব পাৰে ডাঙৰ সিদ্ধান্ত। খবৰ অনুসৰি, ICC–এ টেষ্ট মেচৰ দিন ৫ দিনৰ পৰা হ্ৰাস কৰি ৪ দিন কৰাক লৈ বিবেচনা চলি আছে।

ICC–এ ২০২০ত বিশ্বৰ সকলো ব’ৰ্ডৰ বিষয়াসকলৰ সৈতে বৈঠকত অনুষ্ঠিত কৰি টেষ্ট মেচৰ দিন হ্ৰাস কৰাৰ ওপৰত আলোচনা কৰিব। ESPN Cricinfoৰ ৰিপ’ৰ্ট অনুসৰি এই বৈঠকত ২০২৩ৰ পৰা হ’বলগীয়া টেষ্ট চেম্পিয়নশ্বিপৰ অন্তৰ্গত টেষ্ট মেচ ৫ দিনীয়া হ’বনে চাৰিদিনীয়া হ’ব তাক লৈও আলোচনা কৰা হ’ব। অৱশ্যে ICCৰ এই প্ৰস্তাৱ বিশ্বজুৰি ক্ৰিকেটাৰে বিৰোধ কৰাৰ সম্ভাৱনা আছে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি