বিশ্বকাপৰ পূৰ্বে ধোনীক কি পৰামৰ্শ দিলে শচীনে?

৫ জুনত ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বিশ্বকাপত অভিযান আৰম্ভ কৰিব। বিশ্বকাপৰ নিজৰ প্ৰথমখন খেলত ভাগলোৱা পূৰ্বে শচীনে, মহেন্দ্ৰ সিং ধোনীক দিছে বিশেষ পৰামৰ্শ।

News18-Assam
Updated:May 24, 2019, 1:52 PM IST
বিশ্বকাপৰ পূৰ্বে ধোনীক কি পৰামৰ্শ দিলে শচীনে?
৫ জুনত ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বিশ্বকাপত অভিযান আৰম্ভ কৰিব। বিশ্বকাপৰ নিজৰ প্ৰথমখন খেলত ভাগলোৱা পূৰ্বে শচীনে, মহেন্দ্ৰ সিং ধোনীক দিছে বিশেষ পৰামৰ্শ।
News18-Assam
Updated: May 24, 2019, 1:52 PM IST
৩০ মে’ৰ পৰা ইংলেণ্ডত আৰম্ভ হ’ব বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা। ৫ জুনত ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বিশ্বকাপত অভিযান আৰম্ভ কৰিব। ভাৰতীয় দলে বিশ্বকাপৰ নিজৰ প্ৰথমখন খেলত ভাগলোৱা পূৰ্বে ভাৰতীয় ক্ৰিকেটৰ ভগৱান শচীনে,মহেন্দ্ৰ সিং ধোনীক দিছে বিশেষ পৰামৰ্শ।



বহুদিনৰ পৰাই ধোনীৰ বেটিং অৰ্ডাৰকলৈ সমস্যাত পৰি আছে টিম মেনেজমেণ্ট। শচীনে ধোনীক বেটিং অৰ্ডাৰকলৈ দিয়া পৰামৰ্শৰ পিছত দীৰ্ঘদিনৰ পৰা চলি অহা সমস্যাটোৰ অৱসান ঘটিব বুলিও আশা কৰা হৈছে।


শচীনে ধোনীক পাঁচ নম্বৰত বেটিং কৰিবলৈ পৰামৰ্শ দিয়ে। টেণ্ডুলকাৰে কয় যে ভাৰতৰ টিম মেনেজমেণ্টে কিদৰে বেটিঁং ক্ৰম সজাইছে এই বিষয়ে তেওঁ অৱগত নহয়। যদিহে ৰোহিত শৰ্মা আৰু শিখৰ ধাৱানে ইনিংছ আৰম্ভ কৰে,সেইদৰে কোহলীয়ে যদি তিনি নম্বৰত বেটিং কৰে তেন্তে ধোনীক চাৰি নম্বৰৰ পৰিৱৰ্তে পাঁচ নম্বৰত বেটিং কৰিবলৈ পৰামৰ্শ দিয়ে শচীনে । শচীনে আশা প্ৰকাশ কৰে যে এনেদৰে এইবাৰ বিশ্বকাপত ভাৰতে বেটিং ক্ৰম সজালে অধিক সফলতা লাভ কৰিব।

সেইদৰে হাৰ্ডিক পাণ্ডিয়াক ষষ্ঠ স্থানত বেটিং কৰিবলৈ পৰামৰ্শ দিয়ে ভাৰতীয় ক্ৰিকেটক কিংবদন্তী গৰাকীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি