বিশ্বকাপৰ প্ৰথম মেচত ভাৰতৰ সহজ জয়ৰ ৫টা কাৰণ

ছাউথেম্পটনৰ বিপজ্জনক পিটছত ৰোহিত শৰ্মাৰ বেটিং আছিল আকৰ্ষণীয়। দুটা অভাৰ বাউণ্ডেৰি আৰু ১৩টা বাউণ্ডেৰিৰে ৰোহিত শৰ্মাই সজালে ১২২ ৰানৰ সুন্দৰ ইনিংছ।

news18assam
Updated:June 6, 2019, 9:54 AM IST
বিশ্বকাপৰ প্ৰথম মেচত ভাৰতৰ সহজ জয়ৰ ৫টা কাৰণ
ছাউথেম্পটনৰ বিপজ্জনক পিটছত ৰোহিত শৰ্মাৰ বেটিং আছিল আকৰ্ষণীয়। দুটা অভাৰ বাউণ্ডেৰি আৰু ১৩টা বাউণ্ডেৰিৰে ৰোহিত শৰ্মাই সজালে ১২২ ৰানৰ সুন্দৰ ইনিংছ।
news18assam
Updated: June 6, 2019, 9:54 AM IST
জয়েৰে বিশ্বকাপত আৰম্ভণি টীম ইণ্ডিয়াৰ। প্ৰথমখন মেচত দক্ষিণ আফ্ৰিকাই প্ৰথমে বেটিং কৰি সংগ্ৰহ কৰে ২২৭ ৰান। ৪৭.৩ অভাৰতে ভাৰতে বিজয়ৰ লক্ষ্যত উপনীত হয়। অৰ্থাৎ অতি সহজে বিজয়ৰ লক্ষ্য অতিক্ৰম কৰে টীম ইণ্ডিয়া। খেলখনত বিজয়ৰ ৫টা কাৰণ –

১. ৰোহিত শৰ্মাৰ শতক
ছাউথেম্পটনৰ বিপজ্জনক পিটছত ৰোহিত শৰ্মাৰ বেটিং আছিল আকৰ্ষণীয়। দুটা অভাৰ বাউণ্ডেৰি আৰু ১৩টা বাউণ্ডেৰিৰে ৰোহিত শৰ্মাই সজালে ১২২ ৰানৰ সুন্দৰ ইনিংছ। এয়া বিশ্বকাপত ৰোহিত শৰ্মাৰ দ্বিতীয়টো শতৰান। অতি লেহেমীয়া গতিৰে বেটিং কৰিলেও ৰোহিত শৰ্মাৰ শতৰান আছিল মেচখনৰ বিজয়ৰ অন্যতম কাৰণ।



২. বুমৰাহৰ সুন্দৰ আৰম্ভণি
টীম ইণ্ডিয়াই খেলৰ প্ৰথমটো বলৰ পৰাই দক্ষিণ আফ্ৰিকাক নিয়ন্ত্ৰণত ৰাখিবলৈ সক্ষম হৈছিল আৰু তাৰ কাৰণ আছিল জছপ্ৰীত বুমৰাহ। বেগী বলাৰগৰাকীয়ে সুন্দৰ লাইন আৰু লেংথৰ সহায়ত দক্ষিণ আফ্ৰিকাৰ বেটছমেনক বিপৰ্যস্ত কৰি তোলে। বুমৰাহে নিজৰ দ্বিতীয় অভাৰতে দক্ষিণ আফ্ৰিকাৰ বিস্ফোৰক বেটছমেন হাছিম আমলাই ৰোহিত শৰ্মাৰ হাতত কেছ তুলি দি পেভিলিয়নমুখী হয়। তাৰ পিছতে ডিককৰ উইকেটো দখল কৰে। বুমৰাহৰ সুন্দৰ আউট ছুইঙৰ চিকাৰ হৈ ১০ ৰানতে খেলপথাৰ এৰিবলগীয়া হয় ডিককে।



৩. য়ুজবেন্দ্ৰ চহলৰ স্পীন
য়ুজবেন্দ্ৰ চহলে বলিং কৰিবলৈ লৈয়েই বিপদত পেলায় দক্ষিণ আফ্ৰিকাক। চহলে নিজৰ আঙুলিৰ যাদুৰে নচুৱালে দক্ষিণ আফ্ৰিকাৰ বেটছমেনক। ২০ অভাৰত ৬টা বলৰ ভিতৰতে দক্ষিণ আফ্ৰিকাৰ দুজন বেটছমেন চিকাৰ হয় চহলৰ। প্ৰথমে ভেন ডৰ ডুছে আৰু পিছত দক্ষিণ আফ্ৰিকাৰ অধিনায়ক ডুপ্লেছী আউট হয় চহলৰ স্পীনত। ১০ অভাৰত ৫১ ৰান দি চহলে দখল কৰে মুঠ চাৰিটা উইকেট।



৪. ডেথ অভাৰত ভুবনেশ্বৰ কুমাৰৰ চমৎকাৰ
বুমৰাহে আৰম্ভণি কৰিলে, চহলে মিডিল অভাৰত সুন্দৰ প্ৰদৰ্শন কৰাৰ পিছত ভুবনেশ্বৰ কুমাৰে ডেথ অভাৰত দক্ষিণ আফ্ৰিকাক দিশহাৰা কৰি তোলে। অন্তিম অভাৰত ভুবনেশ্বৰ কুমাৰে ৩ ৰান দি দুটা উইকেট দখল কৰে।


৫. সুন্দৰ ফিল্ডিং
টীম ইণ্ডিয়াই প্ৰথমখন মেচত দেখুৱালে সুন্দৰ ফিল্ডিং। ৰোহিত শৰ্মা আৰু কোহলীয়ে শ্লিপত আকৰ্ষণীয় কেচ ধৰাৰ লগতে ধোনীয়ে দেখুৱালে ষ্টাম্পিঙৰ যাদু। মুঠতে তিনিওটা দিশতে টীম ইণ্ডিয়াৰ প্ৰদৰ্শন আছিল অনবদ্য, আকৰ্ষণীয়।
আৰু চাওক পৰৱৰ্তী বাতৰি