জাহিৰ খানক চূড়ান্ত তাচ্ছিল্য হাৰ্ডিক পাণ্ডিয়াৰ, ছচিয়েল মিডিয়াত প্ৰতিক্ৰিয়া

চূড়ান্ত উপহাস কৰি হাৰ্ডিক পাণ্ডিয়াই জাহিৰ খানক দিলে জন্মদিনৰ শুভেচ্ছা

News18-Assam
Updated:October 8, 2019, 4:19 PM IST
জাহিৰ খানক চূড়ান্ত তাচ্ছিল্য হাৰ্ডিক পাণ্ডিয়াৰ, ছচিয়েল মিডিয়াত প্ৰতিক্ৰিয়া
চূড়ান্ত উপহাস কৰি হাৰ্ডিক পাণ্ডিয়াই জাহিৰ খানক দিলে জন্মদিনৰ শুভেচ্ছা
News18-Assam
Updated: October 8, 2019, 4:19 PM IST
হাৰ্ডিক পাণ্ডিয়াই জাহিৰ খানক দিলে জন্মদিনৰ শুভেচ্ছা। কিন্তু যিধৰণে ভাৰতৰ প্ৰাক্তন তাৰকা পেচ বলাৰজনক হাৰ্ডিকে জন্মদিনৰ শুভেচ্ছা জনালে, হয়তু কোনেও কল্পনা কৰা নাছিল!

আকৌ এবাৰ বিতৰ্কত নাম সাঙুৰ খাইছে ভাৰতীয় ক্ৰিকেট দবৰ অলৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়া। বৰ্তমান ককালৰ অস্ত্ৰোপ্ৰচাৰৰ বাবে চিকিৎসালয়ত থকা পাণ্ডিয়াই এইবাৰ ভাৰতৰ প্ৰাক্তন তাৰকা পেচ বলাৰ জাহিৰ খানক ইতিকিং কৰি ছচিয়েল মিডিয়াত সমালোচনাৰ সন্মুখীন হৈছে।



জাহিৰ খানৰ ৪১ তম জন্মদিনৰ দিনা হাৰ্ডিকে জাহিৰক টুইটাৰ যোগে শুভেচ্ছা জনায়। কিন্তু যিধৰণে হাৰ্ডিকে জাহিৰক শুভেচ্ছা জনাই, আচলতে সেইয়া কোনেও কল্পনাই কৰা নাছিল। হাৰ্ডিক পাণ্ডিয়াই জাহিৰৰ বলত ছয় কোবোৱা এটা ভিডিঅ’ টুইটাৰত শ্বেয়াৰ কৰি লিখে যে, ‘ আশা কৰো তুমিও মোৰ দৰে ছিক্সাৰ মাৰি ষ্টেডিয়াম বাহিৰ কৰিব পাৰিবা কেতিয়াবা’

এগৰাকী দলৰ জ্যেষ্ঠ খেলুৱৈক তাচ্ছিল্য সূচক ভাবে এনেদৰে জন্মদিনৰ শুভেচ্ছা দিয়াৰ পিছত ছচিয়েল মিডিয়াত হাৰ্ডিকক বিভিন্ন জনে সমালোচনা কৰাৰ লগতে, ইমান অহংকাৰ পতনৰ ইংগিত বুলি উল্লেখ কৰিছে।

আৰু চাওক পৰৱৰ্তী বাতৰি