உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • খালী ষ্টেডিয়ামত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দুয়োখন এদিনীয়া মেচ খেলিব টীম ইণ্ডিয়াই

    খালী ষ্টেডিয়ামত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দুয়োখন এদিনীয়া মেচ খেলিব টীম ইণ্ডিয়াই

    বংগ আৰু সৌৰাষ্ট্ৰৰ মাজৰ ৰঞ্জী ট্ৰফীৰ খেলো অনুষ্ঠিত হ’ব খালী ষ্টেডিয়ামত।

    বংগ আৰু সৌৰাষ্ট্ৰৰ মাজৰ ৰঞ্জী ট্ৰফীৰ খেলো অনুষ্ঠিত হ’ব খালী ষ্টেডিয়ামত।

    বংগ আৰু সৌৰাষ্ট্ৰৰ মাজৰ ৰঞ্জী ট্ৰফীৰ খেলো অনুষ্ঠিত হ’ব খালী ষ্টেডিয়ামত।

    • Share this:
    বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কোৰোণা ভাইৰাছৰ প্ৰভাৱ দেখা গৈছে ক্ৰীড়াক্ষেত্ৰতো। সংবাদ মাধ্যমৰ খবৰ অনুসৰি, ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ১৫ আৰু ১৮ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া শৃংখলাৰ দ্বিতীয় আৰু তৃতীয়খন খেল দৰ্শকবিহীন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। আনহাতে, বংগ আৰু সৌৰাষ্ট্ৰৰ মাজৰ ৰঞ্জী ট্ৰফীৰ খেলো অনুষ্ঠিত হ’ব খালী ষ্টেডিয়ামত। আজি ৰঞ্জী ট্ৰফীৰ পঞ্চম তথা অন্তিমখন খেল।

    বিচিচিআয়ে কৈছে যে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখনীয়া এদিনীয়া শৃংখলাৰ বাকী দুখন খেল খালী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। ক্ৰীড়া আৰু স্বাস্থ্য মন্ত্ৰণালয়ৰ সৈতে আলোচনামৰ্মে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বিচিচিআয়ে। শৃংখলাৰ দ্বিতীয়খন খেল লক্ষ্ণৌত আৰু তৃতীয়খন খেল অনুষ্ঠিত হ’ব কলকাতাত। এই খেল দুখনৰ টিকটৰ মূল্য ওভতাই দিব বিচিচিআয়ে।
    Published by:Sanjay Kumar Das
    First published: