গ্ৰেপ্তাৰ নহয় ক্ৰিকেটাৰ মহম্মদ ছামী, আদালতে স্থগিত ৰাখিলে ছামীৰ গ্ৰেপ্তাৰী পৰোৱানা

২০১৮ চনত মহম্মদ ছামীৰ বিৰুদ্ধে পত্নী হাছিন জাহানে গাৰ্হস্থ্য হিংসাৰ গোচৰ ৰুজু কৰিছিল।

News18-Assam
Updated:September 10, 2019, 8:54 AM IST
গ্ৰেপ্তাৰ নহয় ক্ৰিকেটাৰ মহম্মদ ছামী, আদালতে স্থগিত ৰাখিলে ছামীৰ গ্ৰেপ্তাৰী পৰোৱানা
২০১৮ চনত মহম্মদ ছামীৰ বিৰুদ্ধে পত্নী হাছিন জাহানে গাৰ্হস্থ্য হিংসাৰ গোচৰ ৰুজু কৰিছিল।
News18-Assam
Updated: September 10, 2019, 8:54 AM IST
টীম ইণ্ডিয়াৰ বেগী বলাৰ মহম্মদ ছামীৰ বিৰুদ্ধে পত্নীয়ে দাখিল কৰা গাৰ্হস্থ্য হিংসাৰ গোচৰত কিছু সকাহ লাভ কৰিছে ক্ৰিকেটাৰগৰাকীয়ে। ছেছন ক’ৰ্টে ছামী আৰু তেওঁৰ ভাতৃৰ বিৰুদ্ধে জাৰি কৰা গ্ৰেপ্তাৰ পৰোৱানাত স্থগিতাদেশ জাৰি কৰিছে। উল্লেখযোগ্য যে আলীপুৰ আদালতে ছামী আৰু তেওঁৰ ভাতৃৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল আৰু ১৫ দিনৰ ভিতৰত আত্মসমৰ্পণ কৰাৰ নিৰ্দেশ দিছিল।

২০১৮ চনত মহম্মদ ছামীৰ বিৰুদ্ধে পত্নী হাছিন জাহানে গাৰ্হস্থ্য হিংসাৰ গোচৰ ৰুজু কৰিছিল। ছামী আৰু তেওঁৰ ভাতৃৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪৯৮এ ধাৰাৰ অধীনত ৰুজু কৰিছিল গোচৰ। উক্ত গোচৰত কলকাতাৰ আদালতে ছামীক আত্মসমৰ্পণৰ নিৰ্দেশ দিছিল।

উল্লেখযোগ্য যে বৰ্তমান আমেৰিকাত আছে মহম্মদ ছামী। ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰ পিছত আমেৰিকালৈ গৈছে ছামী। অৱশ্যে নিজৰ অধিবক্তাৰ সৈতে যোগাযোগত আছে ছামী। ইফালে, বিচিচিআয়েও ছামীৰ অধিবক্তাৰ সৈতে যোগাযোগ ৰাখিছে। ১২ ছেপ্টেম্বৰত ভাৰতলৈ উভতিব ক্ৰিকেটাৰগৰাকী।

মহম্মদ ছামীয়ে পত্নীৰ সকলো অভিযোগ পূৰ্বেই অস্বীকাৰ কৰিছে। ছামীয়ে পত্নীৰ অভিযোগ ভিত্তিহীন বুলি মন্তব্য কৰি এয়া তেওঁক বদনাম কৰাৰ ষড়যন্ত্ৰ বুলি মন্তব্য কৰিছিল। ক্ৰিকেটাৰগৰাকীৰ পক্ষত থিয় দিছে বিচিচিআয়ো।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি