মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Casteist Slurs: অলিম্পিকত পৰাজয়ৰ পিছতে মহিলা হকী খেলুৱৈ বন্দনা কাটাৰিয়াৰ ঘৰৰ সন্মুখত উচ্চ জাত–নিম্ন জাতৰ চৰ্চা, ফূৰ্তিত ফুটালে ফটকা

Casteist Slurs: অলিম্পিকত পৰাজয়ৰ পিছতে মহিলা হকী খেলুৱৈ বন্দনা কাটাৰিয়াৰ ঘৰৰ সন্মুখত উচ্চ জাত–নিম্ন জাতৰ চৰ্চা, ফূৰ্তিত ফুটালে ফটকা

Gautam Barman | News18-Assam
Updated:August 5, 2021, 5:51 PM IST
Casteist Slurs: অলিম্পিকত পৰাজয়ৰ পিছতে মহিলা হকী খেলুৱৈ বন্দনা কাটাৰিয়াৰ ঘৰৰ সন্মুখত উচ্চ জাত–নিম্ন জাতৰ চৰ্চা, ফূৰ্তিত ফুটালে ফটকা
প্ৰাপ্ত তথ্য অনুসৰি, দুগৰাকী তথাকথিত উচ্চ জাতৰ যুৱকে তেওঁৰ ঘৰৰ সন্মুখত উপস্থিত হয় আৰু...

প্ৰাপ্ত তথ্য অনুসৰি, দুগৰাকী তথাকথিত উচ্চ জাতৰ যুৱকে তেওঁৰ ঘৰৰ সন্মুখত উপস্থিত হয় আৰু...

  • Share this:

এটা অতি আচৰিত ঘটনা পোহৰলৈ আহিছে। টকিঅ'ত ভাৰতীয় মহিলা হকীৰ ছেমিফাইনেলত আৰ্জেণ্টিনাৰ হাতত পৰাস্ত হোৱাৰ পিছত হকী দলৰ খেলুৱৈ বন্দনা কাটাৰিয়াৰ ঘৰৰ বাহিৰত দুই যুৱকে আতচবাজী ফুটোৱাৰ লগতে তেওঁৰ পৰিয়ালৰ লোকক উদ্দেশ্যি জাতিগত মন্তব্য কৰে। প্ৰাপ্ত তথ্য অনুসৰি, দুগৰাকী তথাকথিত উচ্চ জাতৰ যুৱকে তেওঁৰ ঘৰৰ সন্মুখত উপস্থিত হয় আৰু কয়– "হকী দলটোত বহু দলিত খেলুৱৈ থকা বাবে ভাৰত পৰাস্ত হ'ল।" তেওঁলোকে লগতে উল্লেখ কৰে যে অকল হকীয়েই নহয় সকলো খেলৰ পৰা দলিতসকলক দূৰত ৰাখিব লাগে।


এই ঘটনা হৰিদ্বাৰৰ ৰোশনাবাদ গাঁৱৰ ফৰৱাৰ্ড খেলুৱৈ বন্দনা কাটাৰিয়াৰ ঘৰৰ সন্মুখত সংঘটিত হয়। বন্দনাৰ ভাতৃ শেখৰে সংবাদ মাধ্যমৰ আগত কয়– "দলটোৰ পৰাজয়ত আমি সকলোৱে দুখিত হৈছোঁ। কিন্তু খেলখন শেষ হোৱাৰ অলপ পিছতে ঘৰৰ বাহিৰত আতচবাজীৰ শব্দ শুনা গৈছিল। গাঁওখনৰ দুজন উচ্চ বৰ্ণৰ যুৱকে বাহিৰত নাচি থকা প্ৰত্যক্ষ কৰিছিলোঁ।'


এই সম্পৰ্কে শেখৰে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে। অভিযোগ পত্ৰৰ ভিত্তিত আৰক্ষীয়ে এগৰাকী যুৱকক গ্ৰেপ্তাৰ কৰে।



উল্লেখ্য, ভাৰতীয় মহিলা হকী দলে আৰ্জেণ্টিনাৰ বিৰুদ্ধে ২-১ গ'লত পৰাজিত হ'লেও  অলিম্পিক ইভেণ্টৰ ছেমি ফাইনেলত উপনীত হোৱা প্ৰথম মহিলা হকী দল হিচাপে টকিঅ'ত ইতিহাস সৃষ্টি কৰে। কাটাৰিয়াই হেট্ৰিক অৰ্জন কৰা প্ৰথম ভাৰতীয় মহিলা হকী খেলুৱৈ হিচাপে পৰিগণিত হয়। টকিঅ'ত অনুষ্ঠিত হকী খেলৰ অন্তিম পুলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ চাৰিটা গ'লৰ ভিতৰত কাটাৰিয়াই তিনিটা গ'ল কৰিছিল।

Published by: Gautam Barman
First published: August 5, 2021, 5:46 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি