বিশ্বত কাহানিও নেদেখা ঘটনা ঘটিল গুৱাহাটীত, অসম ক্ৰিকেট সন্থাক সৰ্বত্ৰ ধিক্কাৰ

News18 Assam | News18-Assam
Updated:January 6, 2020, 9:08 AM IST
বিশ্বত কাহানিও নেদেখা ঘটনা ঘটিল গুৱাহাটীত, অসম ক্ৰিকেট সন্থাক সৰ্বত্ৰ ধিক্কাৰ
Photo : BCCI

পিট্ছৰ ভিজা অংশ শুকুৱাবলৈ ACAৰ কৰ্মকৰ্তাই আনিলে চেলুনৰ হেয়াৰ ড্ৰায়াৰ, ভেকুৱাম ক্লিনাৰ, ধোবাৰ ইষ্ট্ৰি আদি সামগ্ৰী

  • Share this:
বিশ্ব ক্ৰিকেটৰ ইতিহাসত কাহানিও নেদেখা ঘটনা ঘটিল গুৱাহাটীত। অসম ক্ৰিকেট সন্থাৰ চূড়ান্ত দায়িত্বহীন কাণ্ডৰ বাবে বাতিল হ’ল ভাৰত–শ্ৰীলংকাৰ T-20 মেচ। দেওবাৰে মেচ আৰম্ভ হোৱাৰ পূৰ্বে দিছিল এজাক কিনিকিনিয়া বৰষুণ। বৰষুণৰ বাবে নিৰ্ধাৰিত সময়ত খেল আৰম্ভ হোৱা নাছিল যদিও বৰষুণৰ এৰাৰ লগে লগে খেল আৰম্ভ হোৱাৰ পূৰামাত্ৰাই সম্ভাৱনা আছিল। কিন্তু ক্ৰিকেটপ্ৰেমীৰ সেই আশাত চেঁচাপানী ঢালিলে ACAৰ কৰ্মকাণ্ডই।

বৰষুণৰ সময়ত বৰ্ষাপাৰা ষ্টেডিয়ামৰ পিট্ছ ঢাকি থোৱা হৈছিল ফটা টাৰ্প’লিনেৰে। ফটা অংশৰে পানী সোমোৱাত তিতি উঠে পিট্ছ। আৰু তাৰ পিছতে পিট্ছৰ ভিজা অংশ শুকুৱাবলৈ ACAৰ কৰ্মকৰ্তাই আনিলে চেলুনৰ হেয়াৰ ড্ৰায়াৰ, ভেকুৱাম ক্লিনাৰ, ধোবাৰ ইষ্ট্ৰি আদি সামগ্ৰী। ACAৰ এই কৰ্মকাণ্ডত হতভম্ব হৈ পৰে খেলপথাৰত উপস্থিত থকা টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলীৰ লগতে আন খেলুৱৈসকল। আচৰিত হয় মেচ ৰেফাৰী তথা আম্পায়াৰসকলো।

অৱশেষত পিট্ছ খেলৰ উপযোগী হৈ নুঠাৰ বাবেই বাতিল হ’ল ভাৰত শ্ৰীলংকাৰ তিনিখনীয়া T-20 শৃংখলাৰ প্ৰথমখন খেল। এই দৃশ্য টেলিভিছন সম্প্ৰচাৰ হোৱাৰ লগতে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত এতিয়া সৰ্বত্ৰ ধিক্কাৰৰ সন্মুখীন হৈছে অসম ক্ৰিকেট সন্থা। সমগ্ৰ বিশ্বৰ সন্মুখত এতিয়া লজ্জানত অসম।

ESPNcricinfo–এ টুইটাৰত লিখিছে – ‘আমি গুৱাহাটীত পিট্ছ শুকুৱাবলৈ হেয়াৰ ড্ৰায়াৰ, ইষ্ট্ৰি, ভেকুৱাম ক্লিনাৰ ব্যৱহাৰ কৰা দেখিছো। ক্ৰিকেট পিট্ছ শুকুৱাবলৈ ব্যৱহাৰ কৰা আটাইতকৈ আজৱ বস্তু কি?’


আন বিভিন্নজনে ছচিয়েল মিডিয়াযোগে এই ঘটনাক নিন্দা কৰিছে। নাভূত–নাশ্ৰুত ঘটনাত হতভম্ব বিশ্ব।

NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

 
আৰু চাওক
পৰৱৰ্তী বাতৰি