প্ৰথমখন খেলত বেটিং কৰিবলৈ নোপোৱা যুৱৰাজ কেনেকৈ হৈছিল তাৰকা!

ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম তাৰকা যুৱৰাজ সিঙে আজি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলে। কিন্তু ভাৰতীয় ক্ৰিকেটলৈ যুৱৰাজ সিঙৰ যি অৱদান, সেয়া কোনেও অস্বীকাৰ কৰিব নোৱাৰে।

news18assam
Updated:June 10, 2019, 4:30 PM IST
প্ৰথমখন খেলত বেটিং কৰিবলৈ নোপোৱা যুৱৰাজ কেনেকৈ হৈছিল তাৰকা!
ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম তাৰকা যুৱৰাজ সিঙে আজি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলে। কিন্তু ভাৰতীয় ক্ৰিকেটলৈ যুৱৰাজ সিঙৰ যি অৱদান, সেয়া কোনেও অস্বীকাৰ কৰিব নোৱাৰে।
news18assam
Updated: June 10, 2019, 4:30 PM IST
ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম তাৰকা যুৱৰাজ সিঙে আজি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলে। কিন্তু ভাৰতীয় ক্ৰিকেটলৈ যুৱৰাজ সিঙৰ যি অৱদান সেয়া কোনেও অস্বীকাৰ কৰিব নোৱাৰে। ২০০০ চনত সৌৰভ গাংগুলীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটোৱা যুৱৰাজে ২০১৭ চনত অন্তিম বাৰৰ বাবে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰিছিল।


১৯৮১ চনত চণ্ডীগড়ত জন্ম গ্ৰহণ কৰিছিল যুৱৰাজ সিঙে। মাত্ৰ ১৩ বছৰ বয়সতে যুৱৰাজে ঘৰুৱা ক্ৰিকেটত অংশগ্ৰহণ কৰিছিল। ১৯৯৭ চনত উৰিষ্যাৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে যুৱৰাজে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অংশগ্ৰহণ কৰে। ১৯৯৯ চনত বিহাৰৰ বিৰুদ্ধে কোঁচ বিহাৰ ট্ৰফীত যুৱৰাজে ৩৫৮ ৰাণৰ ইনিংছ খেলি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। ১৯৯৯ চনত শ্ৰীলংকাৰ  বিৰুদ্ধে যুৱৰাজে ভাৰতৰ ১৯–অনুৰ্ধৰ দলত স্থান লাভ কৰে। শ্ৰীলংকাৰ বিৰুদ্ধে সেই শৃংখলাৰ তৃতীয়খন এদিনীয়াত মাত্ৰ ৫৫ টা বলত ৮৯ ৰানৰ বিধ্বংসী ইনিংছ খেলে যুৱৰাজে।


২০০০ চনত যুৱৰাজ সিঙে ১৯–অনুৰ্ধৰ বিশ্বকাপ খেলাৰ সুযোগ পায়। সেইবাৰ ভাৰতীয় দলৰ অধিনায়ক আছিল মহমদ কাঈফ। যুৱৰাজ সিঙে ২০০০ চনৰ ১৯–অনুৰ্ধৰ বিশ্বকাপত বেটে বলে চমকপ্ৰ’দ প্ৰদৰ্শন আগবঢ়াই প্লেয়াৰ অৱ দ্যা ট’ৰ্ণামেণ্ট সন্মান লাভ কৰে। এনেদৰেই আৰম্ভ হয় যুৱৰাজ সিংৰ ক্ৰিকেট কেৰিয়াৰ। ১৯–অনুৰ্ধৰ বিশ্বকাপত ভাল প্ৰদৰ্শন কৰাৰ পিছত যুৱৰাজ সিঙে ২০০০ চনত  ICC Knock Out Trophy ত দেশৰ হৈ খেলাৰ সুযোগ পায়। প্ৰতিযোগিতাখনত কেনিয়াৰ বিৰুদ্ধে যুৱৰাজ সিঙে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটাই যদিও বেটিং কৰিবলৈ সুযোগ লাভ নকৰে। কিন্তু শৃংখলাটোৰ কোৱাৰ্টাৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৮৪ ৰানৰ এক সুন্দৰ ইনিংছ খেলে যুৱৰাজে। মেগ্ৰাথ, ব্ৰেট লীৰ দৰে বলাৰৰ বিৰুদ্ধে মেচখনত ৮৪ ৰানৰ অনবদ্য ইনিংছ খেলি যুৱৰাজে মেচখনত মেন অৱ দ্যা মেচ সন্মান লাভ কৰে।


২০০১ চনত শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতে খেলা কোকা কোলা কাপত যুৱৰাজে দলত স্থান লাভ কৰে। শৃংখলাটোৰ পঞ্চমখন এদিনীয়াত যুৱৰাজে ৯৮ ৰানৰ মুল্যবান ইনিংছ খেলে যদিও বাকী কেইখন খেলত ব্যৰ্থ হয়। ২০০২ চনত যুৱৰাজ সিঙে আকৌ ঘৰুৱা ক্ৰিকেটলৈ ঘূৰি যায়। ঘৰুৱা ক্ৰিকেটত সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱাৰ পিছত যুৱৰাজ সিঙে ইংলেণ্ড আৰু শ্ৰীলংকাৰ বিৰুদ্ধে NatWest triangular series ত ভাৰতীয় দলত স্থান পায়। প্ৰতিযোগিতাখনৰ প্ৰথম মেচতে ইংলেণ্ডৰ বিৰুদ্ধে ৬৪ ৰান আৰু ৩৯ ৰানৰ বিনিময়ত ৩ টা উইকেট দখল কৰি মেন অৱ দ্যা মেচ সন্মান লাভ কৰে। পিছত ট’ৰ্ণামেণ্টৰ ফাইনেল খেলত ইংলেণ্ডৰ বিৰুদ্ধে যুৱৰাজ সিঙে কেইঈৰ সৈতে ১২১ ৰানৰ যুটি বান্ধি ভাৰতক যি জয় প্ৰদান কৰিলে সেইয়া  আজিও  প্ৰতিজন ক্ৰিকেট অনুৰাগীৰ মানসপটত ভাহি আছে।


২০০২ চনৰ আইচিচি চেম্পিয়নছ ট্ৰফীটো যুৱৰাজ সিঙে ভাৰতৰ হৈ সুন্দৰ প্ৰদৰ্শন দাঙি ধৰে। ২০০৩ ৰ বিশ্বকাপতো ভাৰতীয় দলত স্থান লাভ কৰে যুৱৰাজে। কিন্তু বিশ্বকাপত আশানুৰূপ প্ৰদৰ্শন আগবঢ়োৱাত ব্যৰ্থ হয় যুৱৰাজ সিং। যুৱৰাজে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২০০৩ চনত প্ৰথমটো শতৰান সংগ্ৰহ কৰে। কিন্তু পিছত আকৌ ব্যৰ্থ হৈ যুৱৰাজ জাতীয় দলৰ পৰা বাদ পৰে। ২০০৪ চনত যুৱৰাজে আকৌ প্ৰত্যাৱৰ্তন কৰে ভাৰতীয় দললৈ। অষ্ট্ৰিলিয়া, জিম্বাবুৱেৰ বিৰুদ্ধে ত্ৰিদেশীয় শৃংখলাত যুৱৰাজ সিঙে মুঠ ৮ টা ইনিংছত ৩১৪ ৰান সংগ্ৰহ কৰে। এনেদৰেই যুৱৰাজ সিঙৰ কেৰিয়াৰত চলি থাকে উত্থান পতন।


২০০৭ চনৰ সময়ছোৱা আছিল ভাৰতীয় ক্ৰিকেটৰ বাবে অত্যন্ত বেয়া দিন। বিশ্বকাপত প্ৰথম ৰাউণ্ডৰ পৰাই বাহিৰ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা টি–২০ বিশ্বকাপত ভাৰতীয় দলৰ সহ অধিনায়ক হিচাপে নিযুক্ত হয় যুৱৰাজ সিং। সেইবাৰ বিশ্বকাপত উজলি উঠে যুৱৰাজ সিং। ইংলেণ্ডৰ বিৰুদ্ধে এখন খেলত মাত্ৰ ১২ টা বলতে এটা অভাৰৰ ছয়োটা বলতে ছিক্সাৰ কোবাই যুৱৰাজে বিশ্বকাপৰ ইতিহাসত সবাটোতকৈ দ্ৰুততম অৰ্ধশতৰান কৰাৰ অভিলেখ গঢ়ে। সেইদৰে প্ৰতিযোগিতাৰ ছেমি ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে  ৩০টা বলত ৭০ ৰান কৰি ভাৰতৰ জয়ত গুৰুত্বপূৰ্ণ ভুমিকা লৈছিল যুৱৰাজে।


২০০৭ চনৰ ছেপ্তেম্বৰ মাহত যুৱৰাজ সিঙক ভাৰতৰ এদিনীয়া দলৰ সহ অধিনায়ক আৰু মহেন্দ্ৰ সিং ধোনীক অধিনায়কৰ দায়িত্ব দিয়া হয়। পিছত বেটিং ব্যৰ্থতাৰ বাবে আকৌ এবাৰ ভাৰতীয় দলৰ পৰা বাদ পৰে যুৱৰাজ সিঙ। কিন্তু ২০১১ ৰ বিশ্বকাপ যুৱৰাজ সিঙৰ কেৰিয়াৰৰ বাবে এক সোনালী অধ্যায়। বিশ্বকাপত মুঠ ৩৬২ ৰান সংগ্ৰহ কৰাৰ লগতে ১৫ টা উইকেট দখল কৰে যুৱৰাজে। ২০১১ ৰ বিশ্বকাপত যুৱৰাজে লৈছিল ভাৰতৰ জয়ত গুৰুত্বপূৰ্ণ ভুমিকা। প্ৰতিযোগিতাখনত যুৱৰাজ মেন অৱ দ্যা ছিৰিজ বিবেচিত হয়।


ইয়াৰ পিছতেই যুৱৰাজ দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হয়। কৰ্কটৰ বিৰুদ্ধে জীৱন যুদ্ধত জয়লাভ কৰি যুৱৰাজে পুনৰ খেলপথাৰলৈ ঘূৰি আহে যদিও আগৰ দৰে প্ৰদৰ্শন আগবঢ়োৱাত কিছু পৰিমাণে থমকি ৰ’ব লগীয়া হয়।

যুৱৰাজ সিঙৰ ক্ৰিকেট কেৰিয়াৰ
আৰু চাওক পৰৱৰ্তী বাতৰি