News18 AssamNews18 Assam
|
News18-Assam Updated:February 15, 2020, 1:44 PM IST
৬৯ কেজি শাখাত তৃতীয় স্থানেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে লাভলীনাই
৬৯ কেজি শাখাত তৃতীয় স্থানেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে লাভলীনাই
বিশ্বৰ তৃতীয় ৰেংকিঙৰ মহিলা বক্সাৰ হ’ল অসমৰ লাভলীনা বৰগোঁহাই। গোলাঘাটৰ বৰ পথাৰৰ জিয়ৰী লাভলীনাই আইঅচিয়ে ঘোষণা কৰা ৰেংকিঙত ৬৯ কেজি শাখাত তৃতীয় স্থানেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। বিশ্ব বক্সিঙৰ পদক বিজয়ী সফল মহিলা বক্সাৰ লাভলীনাৰ মন্তব্য "মই টকিঅ অলিম্পিক গেমছত স্বৰ্ণ পদক পাব বিচাৰো"। অৱশ্যে ক্ৰীড়াৰ সৰ্বশ্ৰেষ্ঠ মহাসমৰ অলিম্পিক গেমছলৈ যোগ্যতা অৰ্জনৰ বাবে লাভলীনাই ৩ মাৰ্চত জৰ্দানত যুজঁ দিব লাগিব। অলিম্পিকৰ যোগ্যতা নিৰ্ণয়কাৰী খেলত সফলতাৰ বাবে লাভলীনাই সম্প্ৰতি নতুন দিল্লীতে কঠোৰ অনুশীলন চলাইছে।
Published by:
Himangshu Bhuyan
First published:
February 15, 2020, 1:42 PM IST