টকিঅ'ত ঐতিহাসিক বিজয় সাব্যস্ত কৰা অসমৰ জীয়াৰী লাভলীনা বৰগোহাঁইলৈ আজি অসমবাসীৰ লগতে ৰাজনৈতিক ক্ষেত্ৰখনৰ বহুকেইগৰাকী ব্যক্তিয়ে শুভেচ্ছা জ্ঞাপন কৰিছে। লগতে বলীউড জগততো আনন্দৰ লহৰ তুলিবলৈ সক্ষম হৈছে অলিম্পিক পদক জয়ৰ বতৰাই।
আজি ২৩ বছৰীয়া অসমকন্যা লাভলীনালৈ অভিনেতা ফাৰহান আখতাৰে জনাই শুভেচ্ছা, হিন্দী চলচ্চিত্ৰ 'তুফান'ত এগৰাকী বক্সাৰৰ চৰিত্ৰত অভিনয় কৰা আখতাৰে টুইটযোগে উল্লেখ কৰে এইদৰে–
Congratulations @LovlinaBorgohai .. already in the medals ✊🏽 .. now just stay calm, stay focused and todun taak! #Tokyo2020 #Boxing https://t.co/kDpBjT9t0w
— Farhan Akhtar (@FarOutAkhtar) July 30, 2021
অভিনেত্ৰী অনুষ্কা শৰ্মাই তেওঁৰ ইনষ্টাগ্ৰাম ষ্টোৰীত লাভলীনক শুভেচ্ছা জ্ঞাপন কৰে। ভাৰতক বিশ্বৰ দৰবাৰত গৌৰৱান্বিত কৰাৰ বাবে তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰে।
বলীউডৰ অভিনেতা ৰণদীপ হুডায়ো উচ্চ প্ৰশংসিত কৰে লাভলীনাক। অভিনেতাগৰাকী টুইটাৰত লাভলীনাক লৈ কৰে এনে মন্তব্য–
A new dawn on the North East horizon #LovlinaBorgohain 👊🏽👊🏽 #Boxing #Olympics pic.twitter.com/Sj8ZqiS9Gj
— Randeep Hooda (@RandeepHooda) July 30, 2021
উল্লেখ্য, অসমৰ গোলাঘাটৰ কন্যা লাভলীনা বৰগোহাঁয়ে আজি বিশ্বৰ দুই নম্বৰ ৰেংকিঙৰ খেলুৱৈ চাইনীজ টাইপেইৰ বক্সাৰ নিয়েন চিন চেনক ৪-১ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে। এতিয়া সকলোৰে আশা– সোণৰ পদক প্ৰাপ্তিক লৈ লাভলীনাৰ সপোন পূৰণ হওক।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|