সৌৰভ গাংগুলীয়ে ৰচিলে ইতিহাস, মাত্ৰ ৩ ছেকেণ্ডত ক্ৰিকেটৰ নতুন যুগত প্ৰৱেশ ভাৰতৰ!

News18-Assam
Updated:November 22, 2019, 11:56 AM IST
সৌৰভ গাংগুলীয়ে ৰচিলে ইতিহাস, মাত্ৰ ৩ ছেকেণ্ডত ক্ৰিকেটৰ নতুন যুগত প্ৰৱেশ ভাৰতৰ!
ভাৰতৰ বাবে এই সপোন বাস্তৱত পৰিণত কৰাৰ কৃতিত্ব বিচিচিআইৰ নতুন অধ্যক্ষ সৌৰভ গাংগুলীৰ।

ভাৰতৰ বাবে এই সপোন বাস্তৱত পৰিণত কৰাৰ কৃতিত্ব বিচিচিআইৰ নতুন অধ্যক্ষ সৌৰভ গাংগুলীৰ।

  • News18 Assam
  • Last Updated: November 22, 2019, 11:56 AM IST
  • Share this:
ভাৰত আৰু বাংলাদেশ ক্ৰিকেট দলে আজি কলকাতাৰ ঐতিহাসিক ইডেন গাৰ্ডেনত সোণালী ইতিহাস ৰচিবলৈ সাজু হৈছে। দুয়োটা দলৰ মাজত আজি প্ৰথমবাৰলৈ অনুষ্ঠিত হ’ব দিবা–নৈশ টেষ্ট মেচ। ভাৰতৰ বাবে এই সপোন বাস্তৱত পৰিণত কৰাৰ কৃতিত্ব বিচিচিআইৰ নতুন অধ্যক্ষ সৌৰভ গাংগুলীৰ। আজিয়ে সৌৰভ গাংগুলীৰ বিচিচিআইৰ অধ্যক্ষ হিচাপে এমাহ সম্পূৰ্ণ হ’ব।

টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে ২৩ অক্টোবৰত বিচিচিআইৰ অধ্যক্ষ পদৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ দ্বিতীয় দিনাই দিবা–নৈশ টেষ্টৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। সেইদিনাই ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীৰ পৰা এই সন্দৰ্ভত সহমত আদায় কৰিছিল। গাংগুলীয়ে পিছত কয় যে বিৰাটে দিবা–নৈশ টেষ্ট খেলাৰ বাবে সহমত পোষণৰ বাবে লৈছিল মাত্ৰ ৩ ছেকেণ্ড সময়।



কিন্তু এই ঐতিহাসিক টেষ্টৰ বাবে কেৱল বিৰাট কোহলীৰ সহমতেই যথেষ্ট নাছিল। অৱশ্যে বিৰাটৰ সহমতে ভাৰতীয় ক্ৰিকেটৰ বাবে এক নতুন যুগৰ আৰম্ভণিৰ ইংগিত দিছিল। ইয়াৰ পিছতে গাংগুলীয়ে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষৰ সৈতে দিবা–নৈশ টেষ্ট মেচ আয়োজনৰ অনুমতি বিচাৰে। যেতিয়া বাংলাদেশে ইয়াত অনুমোদন জনাইছিল তাৰ পিছতে এই ঐতিহাসিক টেষ্টত চূড়ান্ত মোহৰ লাগিছিল।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি