BCCI ত আজিৰে পৰা আৰম্ভ হ’ল ‘দাদাগিৰি’, BCCI ক দুৰ্নীতিমুক্ত কৰাৰ অংগীকাৰ গাংগুলীৰ

অধিনায়ক বিৰাট কোহলীক সৰ্বতো প্ৰকাৰে সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি সৌৰভ গাংগুলীৰ

News18-Assam
Updated:October 23, 2019, 2:55 PM IST
BCCI ত আজিৰে পৰা আৰম্ভ হ’ল ‘দাদাগিৰি’, BCCI ক দুৰ্নীতিমুক্ত কৰাৰ অংগীকাৰ গাংগুলীৰ
অধিনায়ক বিৰাট কোহলীক সৰ্বতো প্ৰকাৰে সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি সৌৰভ গাংগুলীৰ
News18-Assam
Updated: October 23, 2019, 2:55 PM IST
বুধবাৰে আনুষ্ঠানিক ভাবে ভাৰতীয় ক্ৰিকেট কণ্ট্ৰ’ল বৰ্ড, চমুকৈ BCCI ৰ অধ্যক্ষৰ দায়িত্ব ল’লে ভাৰতীয় ক্ৰিকেট দলৰ সৰ্বকালৰ সফল অধিনায়ক সৌৰভ গাংগুলীয়ে। উচ্চতম ন্যায়ালয়ে নিয়োগ কৰা কমিটিৰ দায়িত্বভাৰ শেষ হোৱাৰ পিছতে আজি BCCI ৰ সৰ্বোচ্চ আসনত অধিস্থিত হ’ল সৌৰভ গাংগুলী। দায়িত্বলৈয়ে সাংবাদিকৰ সৈতে মুখামুখি হয় গাংগুলী।

অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিয়েই BCCI ক দুৰ্নীতিমুক্ত কৰাৰ অংগীকাৰ সৌৰভ গাংগুলীৰ। লগতে অনাগত সময়ত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীক সৰ্বতো প্ৰকাৰে সহযোগিতা আগবঢ়াব বুলি মন্তব্য কৰে নৱ নিযুক্ত অধ্যক্ষজনে। সেইদৰে বিগত সময়ত BCCI ৰ কিছুমান কাম কাজকলৈ দেশজুৰি সৰব চৰ্চা হৈছিল, কিন্তু এতিয়া সেই সকলোবোৰ  সমস্যা সমাধান কৰি ভাৰতীয় ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থাটোক নতুনকৈ সঁজোৱা হ’ব বুলি জনাই গাংগুলীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি