কোভিড যুদ্ধৰ মাজতে গুৱাহাটীত আৰম্ভ হ’ল প্ৰতিযোগিতামূলক খেল, উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে

News18 Assam | News18-Assam
Updated:October 2, 2020, 4:40 PM IST
কোভিড যুদ্ধৰ মাজতে গুৱাহাটীত আৰম্ভ হ’ল প্ৰতিযোগিতামূলক খেল, উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে
ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ মুৰব্বীয়ে জনোৱা মতে, কোভিড যুদ্ধৰ মাজত গুৱাহাটীৰ এইখনেই দেশৰ প্ৰথম প্ৰতিযোগিতামূলক খেল।

ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ মুৰব্বীয়ে জনোৱা মতে, কোভিড যুদ্ধৰ মাজত গুৱাহাটীৰ এইখনেই দেশৰ প্ৰথম প্ৰতিযোগিতামূলক খেল।

  • Share this:
কোভিড যুদ্ধৰ মাজতে গুৱাহাটীত আৰম্ভ হ’ল প্ৰতিযোগিতামূলক খেল। দেশৰ ভিতৰতে খেল আৰম্ভ কৰা প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হ’ল অসম। শুকুৰবাৰে গুৱাহাটীত জজ খেলপথাৰত অনুষ্ঠিত হোৱা এথলেটিকছ খেলখন কোভিড প্ৰটকল অনুযায়ী অনুষ্ঠিত হয়। মুখত মাস্ক পিন্ধি অংশগ্ৰহণ কৰে খেলুৱৈসকলে।

এদিনীয়া প্ৰতিয়োগিতাখনৰ পাঁচটা ইভেণ্টত অসমৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈয়ে অংশ লৈছিল।শুকুৰবাৰৰ প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে অসম অলিম্পিক সন্থাৰ সভাপতি তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ মুৰব্বীয়ে জনোৱা মতে, কোভিড যুদ্ধৰ মাজত গুৱাহাটীৰ এইখনেই দেশৰ প্ৰথম প্ৰতিযোগিতামূলক খেল। আমন্ত্ৰণীমূলক এথলেটিকছ প্ৰতিযোগিতাখন অসম এথলেটিকছ সন্থাই অলিম্পিক সন্থা, ক্ৰীড়া সঞ্চালকালয় আৰু অসম ক্ৰীড়া প্ৰাধিকৰণৰ উদ্যোগত অনুষ্ঠিত কৰে।

শুকুৰবাৰৰ উদ্ধোধনী অনুষ্ঠানত অসম অলিম্পিক সন্থাৰ সভাপতি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰৰ উপৰি মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, দুই সাংসদ ভূৱনেশ্বৰ কলিতা, কুইন ওঝা, প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ গিলবাৰ্টছন ছাংমা আৰু এছিয়ান গেমছত অংশ লোৱা এথলীট তৈবুন নিছা উপস্থিত আছিল।
Published by: Sanjay Kumar Das
First published: October 2, 2020, 4:40 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading