নিজ গাঁৱৰ দৰিদ্ৰ লোকক খাদ্য সামগ্ৰী বিতৰণ কৰিলে লাভলীনা বৰগোঁহায়ে 

News18 Assam | News18-Assam
Updated:April 7, 2020, 3:11 PM IST
নিজ গাঁৱৰ দৰিদ্ৰ লোকক খাদ্য সামগ্ৰী বিতৰণ কৰিলে লাভলীনা বৰগোঁহায়ে 
লাভলীনাই আনকো তলাবন্ধৰ সময়ত দুখীয়াক সহায় কৰিবলৈ আহ্বান জনায়

লাভলীনাই আনকো তলাবন্ধৰ সময়ত দুখীয়াক সহায় কৰিবলৈ আহ্বান জনায়

  • Share this:
অলিম্পিকত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ পোৱা বক্সাৰ লাভলীনা বৰগোঁহাই এতিয়া থিয় দিছে দৰিদ্ৰৰ কাষত। তলাবন্ধৰ সময়ত এমুঠি অন্নৰ কাৰণে হাহাকাৰ কৰি থকা নিজ গাঁৱৰ দৰিদ্ৰ পৰিয়ালক খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ টোপোলা বিতৰণ কৰিলে বক্সাৰগৰাকীয়ে।

লাভলীনাই আনকো তলাবন্ধৰ সময়ত দুখীয়াক সহায় কৰিবলৈ আহ্বান জনায়। এই সন্দৰ্ভত লাভলীনাই ছচিয়েল মিডিয়াত এটা পোষ্টো দিয়ে। পোষ্টটোত গোলাঘাটৰ বৰপথাৰৰ নিজ গৃহৰ পৰাই সকলো চৰকাৰী নিৰ্দেশনা অনুসৰি এই পদক্ষেপ লোৱা বুলিও জানিবলৈ দিয়ে।

জৰ্ডানত অনুষ্ঠিত হোৱা Olympic Qualifying Matchত অসফলতা অৰ্জন কৰি ১২ মাৰ্চত দিল্লীত উপস্থিত হৈছিল লাভলীনা। তাৰ পিছতে ৰাওনা হৈছিল অসমলৈ।
Published by: Sanjay Kumar Das
First published: April 7, 2020, 3:08 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি