বিশ্বজয়ৰ আশাত চেঁচাপানী পৰিল অসমৰ দুই টাইকোৱানডো খেলুৱৈৰ !

নতুন দিল্লীস্থ বৃটিছ উচ্চয়ুক্তই খেলুৱৈ দুগৰাকীক প্ৰদান নকৰিলে ভিছা ।

news18assam
Updated:May 17, 2019, 4:01 PM IST
বিশ্বজয়ৰ আশাত চেঁচাপানী পৰিল অসমৰ দুই টাইকোৱানডো খেলুৱৈৰ !
নতুন দিল্লীস্থ বৃটিছ উচ্চয়ুক্তই খেলুৱৈ দুগৰাকীক প্ৰদান নকৰিলে ভিছা ।
news18assam
Updated: May 17, 2019, 4:01 PM IST
গ্ৰেট ব্ৰিটেইনৰ মানচেষ্টাৰ চহৰত ১৫ মেৰ পৰা অনুষ্ঠিত হোৱা বিশ্ব টাইকোৱানডো চেম্পিয়নশ্বিপত ভাগলোৱাৰ আশাত চেঁচাপানী পৰিল অসমৰ দুগৰাকী টাইকোৱানডো খেলুৱৈৰ । প্ৰতিযোগিতা খনত দেশৰ হৈ ভাগ লোৱাৰ বাবে দেশৰ নিৰ্বাচন কমিটিয়ে নিৰ্বাচন কৰিছিল অসমৰ দুই টাইকোৱানডো খেলুৱৈ ৰদালী বৰুৱা আৰু দিপীকা হাজৰিকাক । কিন্তু ব্ৰিটেইন যাবৰ বাবে দিল্লীস্থ বৃটিছ উচ্চয়ুক্ত কাৰ্যালয়ে দুয়োগৰাকী খেলুৱৈৰে ভিছা নাকচ কৰে । ফলস্বৰূপে প্ৰতিযোগিতাত ভাগ লোৱাৰ পৰা বঞ্চিত হ’ব লগীয়া হয় খেলুৱৈ দুগৰাকী । মানচেষ্টাৰৰ বিশ্ব টাইকোৱানডোত সফলতা অৰ্জনৰ বাবে বহুদিন ধৰি অশেষ কষ্ট কৰি আছিল অসমৰ ৰদালী আৰু দিপীকাই। মানচেষ্টাৰৰ বিশ্ব টাইকোৱানডোত ভাগ লবলগীয়া দুয়োগৰাকী খেলুৱৈকে ইতিমধ্যে এক লাখ ৭০ হাজাৰ টকাও প্ৰদান কৰিছিল অসম চৰাকাৰে। উল্লেখযোগ্য যে ৰদালী বৰুৱাই ভাৰতৰহৈ এছিয়ান গেমছতো অংশলোৱাৰ সুবিধা পাইছিল ।
আৰু চাওক পৰৱৰ্তী বাতৰি