কাইলৈ অসমত উঠিব সুখৰ লহৰ। কিয়নো গাঁৱলীয়া বাটেৰে লুইতৰ ঘাটেৰে পৃথিৱী চাবলৈ যোৱা অসম কন্যা লাভলীনাই কাইলৈ কঢ়িয়াই আনিব বিজয় মুকুট। ১২ আগষ্টত আহি পাব লগা অলিম্পিক পদক জয়ী বক্সাৰগৰাকীক আদৰিবলৈ সাজু হৈছে অসমবাসী।
লাভলীনাৰ আগমনৰ প্ৰাকমুহূৰ্তত ৰাজধানী চহৰ গুৱাহাটীত এক উৎসৱমুখৰ পৰিৱেশ গঢ় দিয়া হৈছে। চহৰত অঁৰা হৈছে খেলুৱৈগৰাকীৰ ফটোসম্বলিত বেনাৰ।
আনহাতে লাভলীনাৰ সাফল্যক সন্মান জনোৱাৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমে কৃতজ্ঞতাৰ প্ৰতীক হিচাপে লাভলীনাৰ বিশাল ফটো তথা শুভেচ্ছা বাণীৰে এখন চাৰ্টাৰ্ড বাছ সজাই তোলা হৈছে। এই বাছেৰে অলিম্পিক পদক বিজয়ীগৰাকীক বিমানবন্দৰৰ পৰা ১২ আগষ্টত চহৰখনলৈ কঢ়িয়াই অনা হ'ব তেওঁক।
যাত্ৰাৰ সুবিধা অনুসৰি ইয়াৰ গ্ৰাউণ্ড ক্লিয়াৰেন্স সলনি কৰিব পৰা বাছখন বগা, ধূসৰ আৰু হালধীয়া ৰঙেৰে ডিজাইন কৰা হৈছে। অলিম্পিক পদক বিজয়ী লাভলীনাৰ নীলা জাৰ্চী পিন্ধা এখন ফটো ইয়াত সন্নিবিষ্ট কৰা হৈছে আৰু লিখা হৈছে– "আপুনি ভাৰতৰ গৌৰৱ"।
চৰকাৰী অনুসূচী অনুসৰি, বক্সাৰ লাভলীনা গোপীনাথ বৰদলৈ বিমান বন্দৰত পুৱা ৯.৩০ বজাত উপস্থিত হ'ব, য'ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰীড়ামন্ত্ৰী তথা ৰাজ্যিক আন্তঃৰাষ্ট্ৰীয় বক্সাৰসকলৰ আয়োজক বিমল বৰা উপস্থিত থাকিব।
বক্সাৰগৰাকীয়ে সন্ধিয়া ৬ বজাত অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু অসম বক্সিং সংস্থাৰ বিষয়াসকলৰ সৈতে এক নৈশ ভোজত অংশ ল'ব। ইয়াৰ আগেয়ে লাভলীনাই দুপৰীয়া ১ বজাত সংবাদ মাধ্যমক সম্বোধন কৰিব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|