খেলো ইণ্ডিয়াত তৃতীয়টো পদকেৰে ইতিহাস সৃষ্টি কৰিলে অসমৰ উপাসা তালুকদাৰে

News18 Assam | News18-Assam
Updated:January 11, 2020, 3:55 PM IST
খেলো ইণ্ডিয়াত তৃতীয়টো পদকেৰে ইতিহাস সৃষ্টি কৰিলে অসমৰ উপাসা তালুকদাৰে
অলৰাউণ্ড আৰু ৰোপত ব্ৰঞ্জৰ পদক পোৱা উপাসাই বল ইভেন্টত ৰূপৰ পদক অৰ্জন কৰে।

অলৰাউণ্ড আৰু ৰোপত ব্ৰঞ্জৰ পদক পোৱা উপাসাই বল ইভেন্টত ৰূপৰ পদক অৰ্জন কৰে।

  • Share this:
গুৱাহাটীত শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা তৃতীয় বৰ্ষৰ ৰাষ্ট্ৰীয় খেলো ইণ্ডিয়া য়ুথ গেমছৰ খেলৰ প্ৰথম দিনাই তিনিটা পদকেৰে ইতিহাস সৃষ্টি কৰিলে অসমৰ জিনমাষ্ট উপাসা তালুকদাৰে। ২০১৫ চনত জিনমাষ্টিকৰ আৰ্টিষ্টিক আৰু ২০১৬ চনত ৰেডিমিক খেলিবলৈ আৰম্ভ কৰা গুৱাহাটীৰ উপাসাই খেলো ইণ্ডিয়াৰ ১৭ বছৰৰ অনূৰ্ধ্বৰ অলৰাউণ্ড, ৰোপ আৰু বলত তিনিটা পদক লাভ কৰে।

অলৰাউণ্ড আৰু ৰোপত ব্ৰঞ্জৰ পদক পোৱা উপাসাই বল ইভেন্টত ৰূপৰ পদক অৰ্জন কৰে। ককায়েকৰ বেডমিণ্টন খেল চাবলৈ গৈ নেহৰু ষ্টেডিয়ামত জিনমাষ্টিকৰ প্ৰেমত পৰে উপাসা তালুকদাৰে। গুৱাহাটীৰ মহৰ্ষি বিদ্যা মন্দিৰৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী উপাসা তালুকদাৰৰ ভৱিষ্যৎ লক্ষ্য হ’ল অলিম্পিক গেমছ। ২০০৭ চনত জন্মলাভ কৰা উপাসাৰ প্ৰিয় খেলুৱৈ হ’ল বেলাৰুছৰ আলকিনা। News18 অসমৰ তৰফৰ পৰা অভিনন্দন জনাইছো প্ৰতিভাৱান খেলুৱৈ উপাসা তালুকদাৰলৈ।


NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি