৬৯ কেজি শাখাৰ বিশ্ব ৰেংকিঙৰ দ্বিতীয়গৰাকী মহিলা বক্সাৰ লাভলীনাই কোৱাৰ্টাৰ ফাইনেলত উজবেকিস্তানৰ বক্সাৰ মেলিভাক পৰাস্ত কৰিবলৈ সক্ষম হয়।
৬৯ কেজি শাখাৰ বিশ্ব ৰেংকিঙৰ দ্বিতীয়গৰাকী মহিলা বক্সাৰ লাভলীনাই কোৱাৰ্টাৰ ফাইনেলত উজবেকিস্তানৰ বক্সাৰ মেলিভাক পৰাস্ত কৰিবলৈ সক্ষম হয়।
ৰাজ্যবাসীলৈ সুখবৰ কঢ়িয়াই আনিলে বক্সাৰ লাভলীনা বৰগোঁহায়ে। অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী অসমীয়া মহিলা বক্সাৰ হিচাপে পৰিগণিত হৈছে সৰুপথাৰৰ জীয়ৰী লাভলীনা। নতুন দিল্লীত চলি থকা এছিয়ান অলিম্পিক কোৱালিফায়াৰ চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত প্ৰৱেশৰ লগে লগে লাভলীনাই টকিঅ’ অলিম্পিকলৈ যোগ্যতা কৰে।
৬৯ কেজি শাখাৰ বিশ্ব ৰেংকিঙৰ দ্বিতীয়গৰাকী মহিলা বক্সাৰ লাভলীনাই কোৱাৰ্টাৰ ফাইনেলত উজবেকিস্তানৰ বক্সাৰ মেলিভাক পৰাস্ত কৰিবলৈ সক্ষম হয়। যোগ্যতা নিৰ্ণয়কাৰী মেচখনত প্ৰথম অৱস্থাৰ পৰাই আক্ৰমণাত্মক প্ৰদর্শন দাঙি ধৰা পৰিলক্ষিত হয় লাভলীনাক।
লাভনীনাৰ এই সফলতাৰ পিছতে বিভিন্নজনে এতিয়া শুভেচ্ছা জ্ঞাপন কৰিছে। অসম এমেচাৰ বক্সিং সংস্থাই লাভলীনালৈ শুভেচ্ছা জনোৱাৰ লগতে টকিঅ’ অলিম্পিকত পদক জয় কৰিব বুলিও আশা প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে লাভলীনাই দুবাৰকৈ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।
ইয়াৰ উপৰি একেদিনাই ৭৫ কেজি শাখাত বক্সাৰ পূজা ৰাণী আৰু পুৰুষৰ ৬৯ কেজি শাখাত বিকাশ কৃষণে যোগ্যতা অৰ্জন কৰিছে অলিম্পিকলৈ। এতিয়া অলিম্পিকলৈ যোগ্যতা অৰ্জনকাৰী মেচ বাকী আছে ছয়বাৰৰ বিশ্ব চেম্পিয়ন এম চি মেৰী কমৰ। যোগ্যতা নিৰ্ণয়কাৰী মেচত সোমবাৰে অৱতীৰ্ণ হ’ব মেৰীকম।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|