অৰ্জুন বঁটাৰ বাবে নাম মনোনয়ন অসমৰ মহিলা বক্সাৰ লাভলীনা বৰগোঁহাইৰ

আইবা বিশ্ব বক্সিঙৰ পদক বিজয়ী অসমৰ তাৰকা বক্সাৰ লাভলীনাই ইতিমধ্যে জৰ্দানৰ প্ৰতিযোগিতাৰ পৰা টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে।
আইবা বিশ্ব বক্সিঙৰ পদক বিজয়ী অসমৰ তাৰকা বক্সাৰ লাভলীনাই ইতিমধ্যে জৰ্দানৰ প্ৰতিযোগিতাৰ পৰা টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে।
- News18 Assam
- Last Updated: June 1, 2020, 10:29 PM IST
কোৰোণা ভাইৰাছৰ বাবে এবছৰ পিছুৱাই যোৱা টকিঅ’ অলিম্পিকৰ বাবে কঠোৰ অনুশীলন চলাই আছে লাভলীনাই। তাৰ মাজতে বক্সিং ইণ্ডিয়াই ২০২০ বৰ্ষৰ অৰ্জুন বঁটাৰ বাবে ফেডাৰেচনৰ তৰফৰ পৰা অসমৰ লাভলীনা বৰগোঁহাইৰ নাম প্ৰেৰণ কৰিছে। দেশৰ সন্মানীয় অৰ্জুন বঁটা পালে লাভলীনা হ’ব এই সন্মান লাভ কৰা অসমৰ ষষ্ঠগৰাকী খেলুৱৈ।
ইয়াৰ পূৰ্বে অসমৰ পৰা ভোগেশ্বৰ বৰুৱা, মনালিছা বৰুৱা, জয়ন্ত তালুকদাৰ, শিৱ থাপা আৰু হিমা দাসে লাভ কৰিছে অৰ্জুন পুৰস্কাৰ। গোলাঘাটৰ বৰপথাৰৰ জীয়ৰী লাভলীনালৈ News18ৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰাও জনালো শুভেচ্ছা।