লাভলীনাই নিয়মীতভাৱে খাবলৈ পাইছে নিজৰ ঘৰৰ গৰুৰ গাখীৰ আৰু লোকেল মুৰ্গীৰ কণী।
লাভলীনাই নিয়মীতভাৱে খাবলৈ পাইছে নিজৰ ঘৰৰ গৰুৰ গাখীৰ আৰু লোকেল মুৰ্গীৰ কণী।
কোৰোণা ভাইৰাছৰ সজাগতাৰ বাবে ঘোষণা কৰা লকডাউনৰ বাবে বহু বছৰৰ মূৰত একেৰাহে ৪১ দিন ঘৰত কটালে তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁয়ে। গোলাঘাটৰ বৰপথাৰৰ জীয়ৰী, ভাৰতবৰ্ষৰ তাৰকা বক্সাৰ লাভলীনাই জৰ্দানৰ অলিম্পিকৰ যোগ্যতা নিৰ্ণয়কাৰী খেলত সফল হোৱাৰ পিছতে দুদিনৰ বাবে আহিছিল নিজ বাসগৃহলৈ। টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা অসমৰ সফল মহিলা বক্সাৰগৰাকীয়ে দুদিনৰ বাবে আহিয়েই লকডাউনৰ বাবে এইপৰ্যন্ত ৪১ দিন সময় থাকিবলগীয়া হ’ল বৰপথাৰৰ বাসগৃহত।
সেই সুযোগতে লাভলীনাই নিয়মীতভাৱে খাবলৈ পাইছে নিজৰ ঘৰৰ গৰুৰ গাখীৰ আৰু লোকেল মুৰ্গীৰ কণী। লাভলীনাই নিজে খিৰাই আনে গাইৰ গাখীৰ। খেলৰ সৈতে জড়িত হৈ থাকিব লাগে বাবে সময় নাপাই যদিও কোৰোণা ভাইৰাছৰ বাবে লকডাউনত থাকি পুনৰ শৈশৱৰ পৰিৱেশলৈ উভতি গৈছে লাভলীনা বৰগোহাঁই। ঘৰত থাকিয়েই লাভলীনাই নিতৌ পাচঁ ঘণ্টা সময় চলাইছে কঠোৰ অনুশীলন।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|