টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন ছিকিমৰ আৰ্চাৰ তৰুণদীপ ৰাইৰ

নেডাৰলেণ্ডত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বীপৰ কোৱাৰ্টাৰ ফাইনেলত দুৰ্দান্ত প্ৰদৰ্শনেৰে টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰে ভাৰতীয় পুৰুষ ৰিকাৰ্ভ আৰ্চাৰী দলে।

news18assam
Updated:June 13, 2019, 12:04 PM IST
টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন ছিকিমৰ আৰ্চাৰ তৰুণদীপ ৰাইৰ
নেডাৰলেণ্ডত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বীপৰ কোৱাৰ্টাৰ ফাইনেলত দুৰ্দান্ত প্ৰদৰ্শনেৰে টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰে ভাৰতীয় পুৰুষ ৰিকাৰ্ভ আৰ্চাৰী দলে।
news18assam
Updated: June 13, 2019, 12:04 PM IST
২০২০ চনত অনুষ্ঠিত হ’বলগীয়া টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে ছিকিমৰ আৰ্চাৰ তৰুণদীপ ৰাইয়ে। অৰ্জুন পুৰস্কাৰপ্ৰাপ্ত তৰুণদীপ ৰাইৰ ঘৰ দক্ষিণ ছিকিমৰ নামচিত।

নেডাৰলেণ্ডত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বীপৰ কোৱাৰ্টাৰ ফাইনেলত দুৰ্দান্ত প্ৰদৰ্শনেৰে টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰে ভাৰতীয় পুৰুষ ৰিকাৰ্ভ আৰ্চাৰী দলে।

ভাৰতীয় দলটোত আছে তৰুণদীপ ৰাই, অতনু দাস আৰু প্ৰবীণ যাদৱ। কানাডাত সুন্দৰ প্ৰদৰ্শনেৰে ৫–৩ৰ ব্যৱধানত বিজয় সাব্যস্ত কৰি ২০১২ৰ লণ্ডন অলিম্পিকৰ পিছত তিনি খেলুৱৈৰ কোটা সুৰক্ষিত কৰি ৰাখে দলটোৱে।
আৰু চাওক পৰৱৰ্তী বাতৰি