আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক চিৰবিদায় জনালে অম্বতি ৰাইডুৱে

বিশ্বকাপত দলত স্থান লাভৰ পৰা বঞ্চিত হৈ হতাশ হৈ পৰিছিল খেলুৱৈগৰাকী।

news18assam
Updated:July 3, 2019, 3:12 PM IST
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক চিৰবিদায় জনালে অম্বতি ৰাইডুৱে
বিশ্বকাপত দলত স্থান লাভৰ পৰা বঞ্চিত হৈ হতাশ হৈ পৰিছিল খেলুৱৈগৰাকী।
news18assam
Updated: July 3, 2019, 3:12 PM IST
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ল’লে ভাৰতীয় দলৰ সোঁহতীয়া বেটচমেন অম্বতি ৰাইডুৱে। বিশ্বকাপত জাতীয় দলত স্থান পোৱাৰ পৰা বঞ্চিত হৈছিল বেটচমেনগৰাকী। অন্ধ্ৰপ্ৰদেশত জন্ম গ্ৰহণ কৰা ৰাইডুৱে কিয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে সেই বিষয়ত কৰা নাই কোনো ধৰণৰ মন্তব্য।৮ মাৰ্চত ভাৰতৰ হৈ অন্তিমখন  এদিনীয়া মেচত ভাগ লৈছিল ৰাইডুৱে।

২০১৩ চনত জিম্বাবুৱেৰ বিৰুদ্ধে দেশৰহৈ প্ৰথমখন এদিনীয়া মেচত ভাগ লৈছিল ৰাইডুৱে। দেশৰ হৈ সৰ্বমুঠ ৫৫ খন এদিনীয়া মেচত ভাগলৈ গড়ে ৪৭.০৬ ৰানেৰে ১,৬৯৪ ৰান সংগ্ৰহ কৰিছিল ৰাইডুৱে। ৰাইডুৰ কেৰিয়াৰত আছে ৩ টা শতকৰ লগতে ১০ টা অৰ্ধশতক। ১২৪ ৰান ৰাইডুৰ এদিনীয়া ক্ৰিকেটত সৰ্বোচ্চ ৰান। সেইদৰে ৬ খন টি ২০ মেচত ভাগলৈ গড়ে ১০.৫০ ৰানেৰে ৪২ ৰান সংগ্ৰহ কৰিছিল ৰাইডুৱে।



আইপিএল ২০১৯ ত চেন্নাই চুপাৰ কিংছৰ সদস্য আছিল অম্বতি ৰাইডু।















আৰু চাওক পৰৱৰ্তী বাতৰি