সুনীল ছেত্ৰীলৈ ষষ্ঠবাৰলৈ বৰ্ষশ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান

আশালতা দেৱীলৈ ২০১৮–১৯ বৰ্ষৰ শ্ৰেষ্ঠ মহিলা ফুটবলাৰৰ সন্মান আগবঢ়োৱা হৈছে।

News18-Assam
Updated:July 10, 2019, 9:04 AM IST
সুনীল ছেত্ৰীলৈ ষষ্ঠবাৰলৈ বৰ্ষশ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান
আশালতা দেৱীলৈ ২০১৮–১৯ বৰ্ষৰ শ্ৰেষ্ঠ মহিলা ফুটবলাৰৰ সন্মান আগবঢ়োৱা হৈছে।
News18-Assam
Updated: July 10, 2019, 9:04 AM IST
পুনৰ ফুটবলাৰ সুনীল ছেত্ৰীলৈ আগবঢ়োৱা হৈছে ২০১৮–১৯ বৰ্ষৰ শ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান। AIFF-এ ঘোষণা কৰিলে বৰ্ষশ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান। ষষ্ঠবাৰলৈ এই স্বীকৃতি লাভ কৰিলে ৩৪ বছৰীয়া ষ্ট্ৰাইকাৰগৰাকীয়ে। ২০০৭, ২০১১, ২০১৩, ২০১৪ আৰু ২০১৭ চনতো এই সন্মান লাভ কৰিছিল ভাৰতীয় ফুটবল দলৰ অধিনায়কজনে। ভাৰতৰ হৈ ৭০টা গ’ল কৰিবলৈ সক্ষম হৈছে সুনীল ছেত্ৰীয়ে।

আনহাতে, আশালতা দেৱীলৈ ২০১৮–১৯ বৰ্ষৰ শ্ৰেষ্ঠ মহিলা ফুটবলাৰৰ সন্মান আগবঢ়োৱা হৈছে। ২০১৮–১৯ বৰ্ষৰ এমাৰ্জিং পুৰুষ ফুটবলাৰৰ সন্মান আগবঢ়োৱা হৈছে আব্দুল ছামাদলৈ। দাংমেই গ্ৰেচে জিনিলে ২০১৮–১৯ বৰ্ষৰ মহিলা এমাৰ্জিং প্লেয়াৰৰ সন্মান।

আৰু চাওক পৰৱৰ্তী বাতৰি