টীম ইণ্ডিয়াই ৰচিলে ইতিহাস, ছুপাৰ অ’ভাৰত ক্ৰমাগত দ্বিতীয়খন T-20 মেচত জয়লাভ টীম ইণ্ডিয়াৰ

News18 Assam | News18-Assam
Updated:February 1, 2020, 7:59 AM IST
টীম ইণ্ডিয়াই ৰচিলে ইতিহাস, ছুপাৰ অ’ভাৰত ক্ৰমাগত দ্বিতীয়খন T-20 মেচত জয়লাভ টীম ইণ্ডিয়াৰ
চিৰিজত ৪–০ ৰ অগ্ৰগতি ভৰাতীয় দলৰ।

চিৰিজত ৪–০ ৰ অগ্ৰগতি ভৰাতীয় দলৰ।

  • Share this:
ছুপাৰ অভাৰ আৰু নিউজীলেণ্ড! ইটোৰ লগত যেন সিটোৰ ৰাহি জোৰা নাহে! শণিবাৰে অনুষ্ঠিত হোৱা ভাৰত আৰু নিউজীলেণ্ডৰ মাজত চতুৰ্থখন T-20 মেচত জয়লাভ কৰে টীম ইণ্ডিয়াই। মেচখনত প্ৰথমে বেটিং কৰি টীম ইণ্ডিয়াই ৮ উইকেট হেৰুৱাই ১৬৫ ৰান সংগ্ৰহ কৰে। নিউজীলেণ্ডেও নিৰ্ধাৰিত ২০ অভাৰত ১৬৫ ৰানতে সামৰে ইনিংছ। ফলত মেচখন ড্ৰ হোৱাত আৰম্ভ হয় ছুপাৰ অভাৰ।

ছুপাৰ অ’ভাৰ–

মনৰো আৰু ছীফৰ্ট ক্ৰীজত

বলিঙত বুমৰাহৰ বলিং

  • প্ৰথম বল– ছীফৰ্টে সংগ্ৰহ কৰে দুই ৰান।

  • দ্বিতীয় বল– অফ চাইডত ছীফৰ্টে কোবাই চাৰি ৰান।


  • তৃতীয় বল– কেচ ড্ৰপ কৰে কে এল ৰাহুলে। দুই ৰান সংগ্ৰহ।

  • চতুৰ্থ বল– ছীফৰ্ট আউট, ৱাচিংটন সুন্দৰৰ হাতত ধৰা পৰে ছীফৰ্ট।

  • পঞ্চমটো বল– মনৰোৱে কাট চট খেলি লেগ চাইডত বাউণ্ডেৰী কোবায়।

  • ষষ্ঠটো বল– মনৰোৱে সংগ্ৰহ কৰে ১ ৰান।


ভাৰতক জয়ৰ বাবে প্ৰয়োজন ১৪ ৰান।

বেটিং কৰিবলৈ আহিল কোহলী আৰু ৰাহুল
বলিঙত টিম ছাউটি।

  • প্ৰথম বল– লেগ চাইডত ছিক্সাৰ ৰাহুলৰ।

  • দ্বিতীয়টো বল– এইবাৰ চাৰি ৰান ৰাহুলৰ।

  • তৃতীয়টো বল– পুল শ্বট খেলিবলৈ গৈ আউট হ’ল কে এল ৰাহুল।
    বেটিং কৰিবলৈ আহিল সঞ্জু ছেমছন।

  • চতুৰ্থটো বল– দুই ৰান সংগ্ৰহ কৰে বিৰাট কোহলীয়ে


শেষৰ বলত ভাৰতক জয়ৰ বাবে প্ৰয়োজন দুই ৰান।

  • বিৰাট কোহলীয়ে ছিক্সাৰ কোবাই ভাৰতক দিলে জয়ৰ উপহাৰ।

আৰু চাওক
পৰৱৰ্তী বাতৰি