টি২০ দলৰ নতুন অধিনায়ক কে এল ৰাহুল! বহুতে দেখিছে ধোনীৰ সৈতে মিল

নিউজীলেণ্ডক হোৱাইট ৱাশ্ব কৰলে টীম ইণ্ডিয়াই
নিউজীলেণ্ডক হোৱাইট ৱাশ্ব কৰলে টীম ইণ্ডিয়াই
- News18 Assam
- Last Updated: February 2, 2020, 5:24 PM IST
ভাৰত আৰু নিউজীলেণ্ডৰ মাজৰ টি–২০ শৃংখলাত ইতিহাস ৰচিলে টীম ইণ্ডিয়াই। আন চাৰিখন খেলৰ দৰেই পঞ্চমখন খেলতো ৭ ৰানত জয়ী হৈ টীম ইণ্ডিয়াই ৫–০ৰ ব্যৱধানত দখল কৰিলে শৃংখলা। ইয়াৰ লগে লগে টি–২০ শৃংখলাত ক্লীন ছুইপ কৰা বিশ্বৰ প্ৰথম দল হিচাপে পৰিগণিত হ’ল ভাৰত। তদুপৰি ভাৰতীয় দলে প্ৰথমবাৰ নিউজীলেণ্ডত টি–২০ শৃংখলা দখল কৰাৰ ইতিহাসো ৰচনা কৰিলে।
নিউজীলেণ্ডৰ বিৰুদ্ধে পঞ্চমখন টি–২০ মেচত বিৰাট কোহলীক দিয়া হৈছিল বিশ্ৰাম। গতিকে মেচখনত ভাৰতীয় দলৰ অধিনায়ক হিচাপে আছিল ৰোহিত শৰ্মা। কিন্তু বেটিঙৰ সময়ত আঘাতপ্ৰাপ্ত হোৱা ৰোহিত শৰ্মাই ত্যাগ কৰিবলগীয়া হয় খেল পথাৰ। ফলত দলৰ ফিল্ডিঙৰ সময়ত কে এল ৰাহুলে নতৃত্ব দিবলগীয়া হয় দলক। মেচখননত সন্মুখৰ পৰা নেতৃত্ব দি ৰাহুলে দলক দিয়ে জয়ৰ সোৱাদ।