গুৱাহাটীত T-20 চোৱাৰ পৰা বঞ্চিত দৰ্শকে ওভতাই পাব টিকটৰ মূল্য, কিন্তু ক’ত পাব?

News18 Assam | News18-Assam
Updated:January 6, 2020, 11:45 AM IST
গুৱাহাটীত T-20 চোৱাৰ পৰা বঞ্চিত দৰ্শকে ওভতাই পাব টিকটৰ মূল্য, কিন্তু ক’ত পাব?
ঘণ্টা ঘণ্টা ধৰি অপেক্ষা কৰাৰ পিছতো হতাশ হৈ ষ্টেডিয়ামৰ পৰা উভতিবলগীয়া হয় হাজাৰ হাজাৰ দৰ্শক।

ঘণ্টা ঘণ্টা ধৰি অপেক্ষা কৰাৰ পিছতো হতাশ হৈ ষ্টেডিয়ামৰ পৰা উভতিবলগীয়া হয় হাজাৰ হাজাৰ দৰ্শক।

  • Share this:
দেওবাৰে ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ T-20 শৃংখলাৰ প্ৰথমখন মেচ বাতিল হয়। গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হোৱাৰ কথা আছিল খেলখন। কিন্তু বৰষুণ তথা অসম ক্ৰিকেট সন্থাৰ দায়িত্বহীন কাণ্ডৰ বাবে এই মেচখন চোৱাৰ পৰা বঞ্চিত হয় হাজাৰ হাজাৰ ক্ৰিকেটপ্ৰেমী।

বৰষুণৰ সময়ত ফটা টাৰ্প’লিনেৰে পিট্ছ ঢাকি ৰখাৰ ফলত পানী সোমাইছিল পিট্ছত। যাৰ ফলত পিট্ছ খেলৰ বাবে অনুপযোগী হোৱাত বাতিল হয় খেলখন। ঘণ্টা ঘণ্টা ধৰি অপেক্ষা কৰাৰ পিছতো হতাশ হৈ ষ্টেডিয়ামৰ পৰা উভতিবলগীয়া হয় হাজাৰ হাজাৰ দৰ্শক।

যিসকল দৰ্শকে খেল চোৱাৰ বাবে টিকট ক্ৰয় কৰিছিল সেইসকলে ওভতাই পাব টিকটৰ মূল্য। অনলাইনযোগে টিকট ক্ৰয় কৰা দৰ্শকসকলে নিজৰ একাউণ্টতে লাভ কৰিব টিকটৰ ধন। আনহাতে, বুক মাই শ্ব’ৰ জৰিয়তে অসম ক্ৰিকেট সন্থাৰ কাৰ্যালয়ৰ পৰা নগদ ধনেৰে টিকট ক্ৰয় কৰা দৰ্শকসকলকো ধন ঘূৰাই দিব বুক মাই শ্ব’ৱে। আজিৰে পৰাই ধন ঘূৰাই দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব।


NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি