খেল পাতিব নোৱাৰি ভি ভি এছ লক্ষ্মণ, আকাশ চোপ্ৰাৰ ওপৰত খং ACAৰ সম্পাদকৰ

News18 Assam | News18-Assam
Updated:January 7, 2020, 6:53 PM IST
খেল পাতিব নোৱাৰি ভি ভি এছ লক্ষ্মণ, আকাশ চোপ্ৰাৰ ওপৰত খং ACAৰ সম্পাদকৰ
অসম ক্ৰিকেট সন্থাৰ সাধাৰণ সম্পাদক দেৱজিৎ শইকীয়াই ভিভিএছ লক্ষ্মণক সমালোচনা কৰিবলৈ গৈ কয় – ‘ভিভিএছ লক্ষ্মণৰ কথা বেদৰ বাক্য নহয়।’

অসম ক্ৰিকেট সন্থাৰ সাধাৰণ সম্পাদক দেৱজিৎ শইকীয়াই ভিভিএছ লক্ষ্মণক সমালোচনা কৰিবলৈ গৈ কয় – ‘ভিভিএছ লক্ষ্মণৰ কথা বেদৰ বাক্য নহয়।’

  • Share this:
নাও বুৰিলেও টিঙৰ পৰা নানামে অসম ক্ৰিকেট সন্থাৰ কৰ্মকৰ্তা। দেওবাৰৰ নিশাৰ টী-২০ অনুষ্ঠিত কৰিব নোৱাৰি অসম ক্ৰিকেটৰ কৰ্মকৰ্তাই এতিয়া আক্ৰমণৰ লক্ষ্য হিচাপে বাচি লৈছে টীম ইণ্ডিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা ধাৰাভাষ্যকাৰ ভিভিএছ লক্ষ্মণ আৰু আকাশ চোপ্ৰাক। অসম ক্ৰিকেট সন্থাৰ সাধাৰণ সম্পাদক দেৱজিৎ শইকীয়াই ভিভিএছ লক্ষ্মণক সমালোচনা কৰিবলৈ গৈ কয় – ‘ভিভিএছ লক্ষ্মণৰ কথা বেদৰ বাক্য নহয়।’

দেওবাৰৰ ঘটনাৰ বাবে ACAই মুলতঃ জগৰীয়া কৰে খেলৰ আম্পায়াৰকে। কাৰো নাম নলোৱাকৈ এচিএৰ সম্পাদক শইকীয়াই খেলৰ দিনাৰ পৰিৱেশৰ বাবে বিচিচিআইক প্ৰশ্ন কৰক বুলি সাংবাদিকক কয়।

ভাৰত–শ্ৰীলংকাৰ খেল অনুষ্ঠিত হ’বলগীয়া ষ্টেডিয়ামৰ আউট ফিল্ডত গুটখাৰ পিক পৰ্যন্ত পৰি আছিল বুলি মানি লৈছে এচিএই। এইবাৰৰ এই তিক্ততাপুৰ্ণ অভিজ্ঞতাক শিক্ষা হিচাপে লৈ ভবিষ্যতে আগবাঢ়িব বুলি কয় এচিএৰ সভাপতি ৰমেন দত্তই।



NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি