• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • "মোৰ ল'ৰাই ভাৰতীয় ফুটবল দলক প্ৰতিনিধিত্ব কৰিলে, তেওঁক এটা চাকৰি দিয়ক"– নামজ্বলা ফুটবলাৰৰ অসুস্থ পিতৃৰ অসম চৰকাৰলৈ আহ্বান

"মোৰ ল'ৰাই ভাৰতীয় ফুটবল দলক প্ৰতিনিধিত্ব কৰিলে, তেওঁক এটা চাকৰি দিয়ক"– নামজ্বলা ফুটবলাৰৰ অসুস্থ পিতৃৰ অসম চৰকাৰলৈ আহ্বান

 অসমৰ সফল ফুটবলাৰ এলেন দেউৰীলৈ ৰাজ্য চৰকাৰে চকু মেলি চাবনে?

অসমৰ সফল ফুটবলাৰ এলেন দেউৰীলৈ ৰাজ্য চৰকাৰে চকু মেলি চাবনে?

অসমৰ সফল ফুটবলাৰ এলেন দেউৰীলৈ ৰাজ্য চৰকাৰে চকু মেলি চাবনে?

  • Share this:

"মোৰ লৰা এলেন দেউৰীয়ে জুনিয়ৰৰ পৰা ছিনিয়ৰলৈ সকলো পৰ্যায়তে ভাৰতীয় ফুটবল দলক প্ৰতিনিধিত্ব কৰিছে, তাৰ পিছতো তেওঁক ৰাজ্য চৰকাৰে নিদিয়ে এটা কৰ্মসংস্থান" –এই মন্তব্য আগবঢ়ায় আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰগৰাকীৰ অসুস্থ পিতৃ ৰোজ দেউৰীয়ে।


"মই সৰুতে দুই পুত্ৰ উইলছন দেউৰী আৰু এলেন দেউৰীক ফুটবল খেলিবলৈ দি মহা ভুল কৰিলোঁ''  বুলি কৈ উচুপি উঠে ৰোজ দেউৰীয়ে। পেছাত অটোচালক ৰোজ দেউৰীৰ শৰীৰ বৰ্তমান অসুস্থ। কেইদিনমান পূৰ্বে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত এটা অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল এলেন দেউৰীৰ পিতৃ ৰোজ দেউৰীৰ। সেয়ে অসুস্থ ৰোজ দেউৰীয়ে অটো চলাব নোৱাৰাত সমস্যাত পৰিছে পৰিয়ালটো।


নুনমাটিৰ পাহাৰত এটা সাধৰণ ঘৰত বসবাস কৰা ৰোজ দেউৰী আৰ্থিক অভাৱত ভুগিছে। ৰোজ দেউৰীয়ে News18 ক জানিবলৈ দিয়া মতে, বিগত বর্ষত সুনীল ছেত্ৰী নেতৃত্বাধীন ভাৰতীয় ছিনিয়ৰ দলক প্ৰতিনিধিত্ব কৰাৰ পিছতো পুত্ৰক অসম চৰকাৰে কৰ্মসংস্থানতো দূৰৰে কথা, এটা আৰ্থিক সাহায্যও প্ৰদান কৰা নাই।


উল্লেখ্য যে আই এছ এলত নৰ্থ ইষ্ট ইউনাইটেড দলৰ প্ৰথম ছীজনত এলেন দেউৰী আছিল দলটোৰ নিৰ্ভৰযোগ্য খেলুৱৈ। সম্প্ৰতি গুজৰাটৰ আই লীগৰ দলৰ হৈ ফুটবল খেলি থকা এলেনক সহায়ৰ বাবে চৰকাৰক অনুৰোধ জনাই সদৌ অসম ফুটবল প্লেয়াৰ্ছ সন্থাৰ সাধাৰণ সম্পগদক দুৰ্গা বড়োৱেও।

Published by:Gautam Barman
First published: