তেজপুৰৰ পৰা গুৱাহাটীলৈ দৌৰি আহিল এগৰাকী ৫০ বছৰীয়া মহিলা

News18-Assam
Updated:November 16, 2019, 5:22 PM IST
তেজপুৰৰ পৰা গুৱাহাটীলৈ দৌৰি আহিল এগৰাকী ৫০ বছৰীয়া মহিলা
মহিলাগৰাকীৰ নাম ইৰিনা হাজৰিকা।ঘৰ তেজপুৰত

মহিলাগৰাকীৰ নাম ইৰিনা হাজৰিকা।ঘৰ তেজপুৰত

  • Share this:
ৰাজপথত এগৰাকী মহিলাৰ দৌৰ।দৌৰি দৌৰি তেওঁ আহি পালে গুৱাহাটী মহানগৰী।মহিলাগৰাকীৰ নাম হৈছে তেজপুৰৰ ইৰিনা হাজৰিকা। ৫০ বছৰীয়া ইৰিনাই তেজপুৰৰ পৰা প্ৰায় ১৬০ কিলোমিটাৰ দৌৰি শনিবাৰে বিয়লি পালেহি গুৱাহাটী মহানগৰী।



বৃহস্পতিবাৰে তেজপুৰৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰা কৰিছিল মহিলাগৰাকী।আইৰন মেন তথা একালৰ চুপাৰ মডেল মিলিন্দ চুমনক প্ৰেৰণা হিচাপে লোৱা ইৰিনা হাজৰিকাই  দেওবাৰে অংশ গ্ৰহণ কৰিব পিংকাথনত।

নাৰী সমাজৰ মাজত সচেতনাবোধ গঢ়ি তোলাৰ বাবে এনেদৰে তেজপুৰৰ পৰা আহিছে মহিলাগৰাকী। ইৰিনাই ইয়াৰ পূৰ্বে টেম্পল টো টেম্পোল ৰান আৰু চলিত বৰ্ষত টাটা মুম্বাই মাৰাথনত অংশ লৈছিল।
আৰু চাওক
পৰৱৰ্তী বাতৰি