ৰোলবলৰ ৰাষ্ট্ৰীয় বাছনি শিবিৰলৈ অসমৰ চাৰিগৰাকী খেলুৱৈ

ৰোলবল বিশ্বকাপৰ ভাৰতীয় দলৰ প্ৰস্তুতি শিবিৰত অংশ ল’ব অসমৰ খেলুৱৈকেইগৰাকীয়ে।

News18-Assam
Updated:September 10, 2019, 7:15 AM IST
ৰোলবলৰ ৰাষ্ট্ৰীয় বাছনি শিবিৰলৈ অসমৰ চাৰিগৰাকী খেলুৱৈ
ৰোলবল বিশ্বকাপৰ ভাৰতীয় দলৰ প্ৰস্তুতি শিবিৰত অংশ ল’ব অসমৰ খেলুৱৈকেইগৰাকীয়ে।
News18-Assam
Updated: September 10, 2019, 7:15 AM IST
বিপুল বৰ্মন : অসমৰ চাৰিগৰাকী ৰোলবল খেলুৱৈ ক্ৰমে নিকিতা বৰুৱা, মনীষা বড়ো, কাৰ্গিল বৰ্মন আৰু মানস জ্যোতি গগৈয়ে ৰাষ্ট্ৰীয় শিবিৰলৈ আমন্ত্ৰিত হৈছে। ছুৰাটত অহা ১ৰ পৰা ৮ অক্টোবৰলৈ অনুষ্ঠিত হ’বলগীয়া ৰোলবল বিশ্বকাপৰ ভাৰতীয় দলৰ প্ৰস্তুতি শিবিৰত অংশ ল’ব অসমৰ খেলুৱৈকেইগৰাকীয়ে। উল্লেখযোগ্য যে ৰোলবল বিশ্বকাপ ১৫ৰ পৰা ২০ নৱেম্বৰলৈ চেন্নাইত অনুষ্ঠিত হ’ব। অসমৰ খেলুৱৈসকলক অসম ৰোলবল সন্থাৰ সাধাৰণ সম্পাদক ভূমিধৰ বৰ্মনে শুভেচ্ছা জ্ঞাপন কৰিছে।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি