আজিৰে পৰা গুৱাহাটীত আৰম্ভ হ’ব ‘খেলো ইণ্ডিয়া য়ুথ গেম্ছ ২০২০’, সৰুসজাইত বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠান

News18 Assam | News18-Assam
Updated:January 10, 2020, 11:18 AM IST
আজিৰে পৰা গুৱাহাটীত আৰম্ভ হ’ব ‘খেলো ইণ্ডিয়া য়ুথ গেম্ছ ২০২০’, সৰুসজাইত বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠান
অসম দলক প্ৰতিনিধিত্ব কৰিব কেইবাগৰাকীও খেলুৱৈয়ে। এই খেলত অংশ ল’ব আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ অস্মিতা চলিহা, ৰ’দালি বৰুৱায়ো।

অসম দলক প্ৰতিনিধিত্ব কৰিব কেইবাগৰাকীও খেলুৱৈয়ে। এই খেলত অংশ ল’ব আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ অস্মিতা চলিহা, ৰ’দালি বৰুৱায়ো।

  • Share this:
আজিৰে পৰা আৰম্ভ হ’ব খেলো ইণ্ডিয়া য়ুথ গেম্ছ ২০২০। দেশৰ ৬,৮০০ খেলুৱৈয়ে অংশ ল’ব গুৱাহাটীত আয়োজন কৰা এই মেগা ইভেণ্টত। ১০ হাজাৰ অতিথিয়ে অংশ ল’ব খেলো ইণ্ডিয়াত। আজি সন্ধিয়া সৰুসজাই ষ্টেডিয়ামত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰিব খেলো ইণ্ডিয়াৰ কাৰ্যসূচী। ৯০ মিনিটজোৰা হ’ব উদ্বোধনী সমাৰোহ। উদ্বোধনী সমাৰোহত অংশগ্ৰহণ কৰিব বলীউদৰ কণ্ঠশিল্পী শংকৰ মহাদেৱন আৰু সুনিধি চৌহানে।

তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেম্ছত থাকিব ২০টা ইভেণ্টৰ খেল। খেলসমূহ অনুষ্ঠিত হ’ব সৰুসজাই ষ্টেডিয়াম, ভোগেশ্বৰী ফুকননী ষ্টেডিয়াম, টেপেচিয়া ক্ৰীড়া প্ৰকল্প, ছাই খেলপথাৰ, নেহৰু ষ্টেডিয়াম আৰু কাহিলীপাৰাৰ শ্বুটিং ৰেঞ্জত। মুঠ ২৮খন ৰাজ্য, ৯খন কেন্দ্ৰীয় শাসিত ৰাজ্যৰ খেলুৱৈয়ে ল’ব অংশ এই ক্ৰীড়া মহোৎসৱত।

অসম দলক প্ৰতিনিধিত্ব কৰিব কেইবাগৰাকীও খেলুৱৈয়ে। এই খেলত অংশ ল’ব আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ অস্মিতা চলিহা, ৰ’দালি বৰুৱায়ো। খেল পৰিচালনাৰ বাবে থাকিব ৩ হাজাৰ কৰ্মকৰ্তা, এহাজাৰ স্বেচ্ছাসেৱক। প্ৰতিবিধ খেলৰ শীৰ্ষ দুজনে লাভ কৰিব জলপানি।

NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি