বৰষুণৰ বতৰত গুৱাহাটীত IPLৰ মেচ, এইবাৰ বা কি হয়!

News18 Assam | News18-Assam
Updated:January 28, 2020, 5:27 PM IST
বৰষুণৰ বতৰত গুৱাহাটীত IPLৰ মেচ, এইবাৰ বা কি হয়!
অৱশ্যে আই পি এল কৰ্তৃপক্ষৰ ফালৰ পৰা আনুষ্ঠানিক ঘোষণা এতিয়াও বাকী আছে।

অৱশ্যে আই পি এল কৰ্তৃপক্ষৰ ফালৰ পৰা আনুষ্ঠানিক ঘোষণা এতিয়াও বাকী আছে।

  • Share this:
চলিত বৰ্ষৰ আই পি এলৰ তিনিখন মেচ গুৱাহাটীৰ বর্ষাপাৰা ষ্টেডিয়ামত হোৱাৰ সম্ভাৱনা আছে। সোমবাৰে নতুন দিল্লীত অনুষ্ঠিত হোৱা আই পি এলৰ গৱৰ্ণিং পৰিষদৰ সভাত গুৱাহাটীৰ ভেন্যু সম্পৰ্কে আলোচনা হয়।

উল্লেখযোগ্য যে আই পি এলৰ দল ৰাজস্থান ৰয়েলছে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত গ্লেমাৰাছ লীগখনৰ তিনিখন খেলত খেলাৰ বাবে গৱৰ্ণিং পৰিষদক আবেদন কৰিছিল। অসম ক্ৰিকেট সন্থাৰ পৰা পোৱা খবৰ অনুযায়ী সোমবাৰৰ আই পি এলৰ গৱৰ্ণিং পৰিষদৰ সভাই ৰাজস্থান দলক তিনিখন খেলৰ বাবে সেউজ সংকেত প্ৰদান কৰিছে।

অৱশ্যে আই পি এল কৰ্তৃপক্ষৰ ফালৰ পৰা আনুষ্ঠানিক ঘোষণা এতিয়াও বাকী আছে। এইবাৰৰ আই পি এল ২৯ মাৰ্চৰ পৰা ২৪ মে’লৈ অনুষ্ঠিত হ’ব। বৰষুণ কমাৰ যোৱাৰ পিছতো টি-২০ খেল অনুষ্ঠিত কৰিব নোৱাৰি বিশ্ববাসীৰ ওচৰত অসমবাসীক লজ্জিত কৰা এচিএই বৰষুণৰ বতৰত আই পি এল কেনেদৰে অনুষ্ঠিত কৰিব বুলি চিন্তা প্ৰকাশ কৰিছে অসমৰ ক্ৰিকেটপ্ৰেমীয়ে।
আৰু চাওক
পৰৱৰ্তী বাতৰি