দুৰ্বল বলিংঃ নিউজীলেণ্ডৰ বিৰুদ্ধে প্ৰথম এদিনীয়াত টীম ইণ্ডিয়াৰ পৰাজয়

News18 Assam | News18-Assam
Updated:February 5, 2020, 5:29 PM IST
দুৰ্বল বলিংঃ নিউজীলেণ্ডৰ বিৰুদ্ধে প্ৰথম এদিনীয়াত টীম ইণ্ডিয়াৰ পৰাজয়
ভাৰতে নিউজীলেণ্ডক নিৰ্ধাৰিত ৫০ অ’ভাৰত বান্ধি দিছিল ৩৪৮ ৰানৰ বৃহৎ লক্ষ্য

ভাৰতে নিউজীলেণ্ডক নিৰ্ধাৰিত ৫০ অ’ভাৰত বান্ধি দিছিল ৩৪৮ ৰানৰ বৃহৎ লক্ষ্য

  • Share this:
টি–২০ ছিৰিজত পৰাজয়ৰ মুখ দেখা নিউজীলেণ্ডে প্ৰথমখন এদিনীয়াত ভাৰতক চাৰি উইকেটত পৰাস্ত কৰে। ভাৰতে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ৫০ অভাৰত ৩৪৮ ৰানৰ বিশাল লক্ষ্য বান্ধি দিয়াৰ পিছতো নিউজীলেণ্ডে ৪ উইকেটত জয়লাভ কৰিবলৈ সক্ষম হয়। ৪৮.১ অভাৰত ৬ টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয় নিউজীলেণ্ড। মেচখনত ৰ’চ টেইলৰে মাত্ৰ ৫৭টা বলতে ১০৯ ৰান সংগ্ৰহ কৰে। অধিনায়ক লেথামেও ৬৯ ৰানৰ সুন্দৰ ইনিংছ খেলে।

মেচখনত ভাৰতৰ দুৰ্বল বলিঙেই পৰাজয়ৰ এক অন্যতম কাৰণ বুলি অভিহিত কৰিব পাৰি। বিশেষকৈ ঠাকুৰে ৯ অভাৰত ৮০ ৰান খৰচ কৰাৰ বিপৰীতে কুলদ্বীপ যাদৱে ১০ অ’ভাৰত ৮৪ ৰান খৰচ কৰে।

ইয়াৰ পূৰ্বে প্ৰথমে বেটিং কৰি আয়াৰৰ শতৰানৰ সহায়ত ভাৰতে চাৰিটা উইকেট হেৰুৱাই ৩৪৮ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়।
আৰু চাওক
পৰৱৰ্তী বাতৰি